Uncategorizedঅসম

গোগামুখ থানাত ৩ বিষয়াৰ বিদায়

গোগামুখ থানাত ৩ বিষয়াৰ বিদায়

দুৰ্নীতিৰ দৰ্পণ সেৱা , গোগামুখৰ পৰা লোচন দাস , ২ মাৰ্চ : পুলিচ প্ৰশাসন আৰু সাধাৰণ জনতাৰ মাজত বলিষ্ঠ ৰূপত যোৱা পাঁচ বছৰে নিস্বাৰ্থ ভাৱে সেৱা আগবঢ়াই গোগামুখৰ পৰা বিদায় ল’লে ৩ বিষয়াই ৷ শুকুৰবাৰে গোগামুখ আৰক্ষী থানাৰ পৰা আনুষ্ঠানিকতাৰে বিদায় ল’লে তিনি আৰক্ষী বিষয়াই ৷ এই বিদায় বেলাত গোগামুখৰ সচেতন মহ’লে আনুষ্ঠানিক ভাৱে বিদায় দিয়ে এই তিন বিষয়াক ৷ এই তিনি বিষয়া ক্ৰমে চন্দ্ৰ কলিতা (চক্ৰ পৰিদৰ্শক গোগামুখ),
ভীমকান্ত পেগু (ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গোগামুখ থানা ) আৰু ফনীধৰ ৰাভা ( সহঃউপ পৰিদৰ্শক গোগামুখ থানা )ই ৷ অৱশ্যে ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ বদলিক লৈ গোগামুখৰ সচেতন মহল মৰ্মাহত হৈ পৰা পৰিলক্ষিত হয় ৷ বিগত পাঁচ বছৰ ধৰি গোগামুখৰ বিভিন্ন সামাজিক আৰু সাংস্কৃতিক দিশত জৰিতহৈ মানুহ আৰু পুলিচৰ মাজৰ যি দুৰত্ব তাক , নৎসাত কৰি শান্ত পৰিস্থিতিৰে বিৰাজ কৰা এখন সপোনৰ গোগামুখ গঢ় দিয়াত উল্লেখনীয় বৰঙনি আগবঢ়াইছিল ভীমকান্ত পগুৱে ৷ গোগামুখৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠন সমূহৰ লগতে সচেতন মহ’লে এই বিদায় অনুষ্ঠানত অংশগ্ৰহণ কৰি তিনিও বিষয়াৰে দীৰ্ঘায়ু কামনা কৰে আৰু গোগামুখৰ লগত পৰৱৰ্তী সময়তো সংযোগ ৰাখিবৰ বাবে আহ্বান জনায় ৷

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close