Uncategorizedঅসম

মাজুলীত লোকসভাৰ ৰণশিঙা বজাই বিজেপি যুৱ মৰ্চাৰ বিশাল বাইক ৰেলি

মাজুলীত লোকসভাৰ ৰণশিঙা বজাই বিজেপি যুৱ মৰ্চাৰ বিশাল বাইক ৰেলি

দুৰ্নীতিৰ দৰ্পণ সেৱা , মাজুলী, ২ মাৰ্চঃ মুখ্য মন্ত্ৰীৰ সমষ্টি মাজুলীত আজি শাসকীয় দল ভাৰতীয় জনতা পাৰ্টিৰ ভাতৃ সংগঠন যুৱ মৰ্চাৰ নেতৃত্বত আজি মাজুলীৰ ৰাজপথ কঁপাই লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজাই বিজয় সংকল্প বাইক ৰেলি সম্পন্ন কৰে ৷ এই উপলক্ষে আজি পুৱা ১১ বজাত গড়মুৰ সদৰ খেল পথাৰত বিজেপিৰ মাজুলী জিলাৰ সভাপতি লোকনাথ কুটুমে বিশাল ৰেলিৰ শুভ উদ্ধোধন কৰি পুনৰ প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বতে চৰকাৰ গঠন হ’ব বুলি ম’ত প্ৰকাশ কৰে ৷ এই উদ্ধোধনী অনুষ্ঠানৰ আঁত ধৰে মাজুলী জিলা যুৱ মৰ্চাৰ সভাপতি ৰঞ্জন মহন্তই উদ্ধোধনী অনুষ্ঠানত বিজেপি দলৰ মাজুলীৰ প্ৰভাৰী ৰঞ্জিত বৰুৱা, দি এন পি এলৰ উপাধ্যক্ষ বিকুল ডেকাক বিশেষভাৱে সম্বৰ্ধণা জনোৱা হয় ৷ অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে মাজুলীৰ প্ৰাক্তন সভাপতি দীপক গোস্বামীয়ে ৷ ইযাৰ পিছতেই প্ৰায় এহেজাৰ বাইকেৰে যুৱ মৰ্চাকে ধৰি ভাৰতীয় জনতা পাৰ্টিৰ দুহেজাৰ কাৰ্যকৰ্তাই গড়মুৰৰ পৰা কমলাবাৰী , ৰাৱনাপাৰ , বনগাঁও, ফুলনি হৈ ৰঙাচাহী মিচিং হৈ ৰঙাচাহী মহাবিদ্যালয়ৰ খেলপথাৰলৈকে হাজাৰোধীক বাইকেৰে দুহেজাৰ কাৰ্যকৰ্তাই মাজুলীত লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজাই বিশাল বাইক ৰেলি সম্পন্ন কৰে ৷ বাইক ৰেলিৰ সময়ত ভাৰত মাতা কি জয়, বিজেপি জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ আদি শ্লোগানেৰে ৰাজ পথ কপাই তোলে ৷ মাজুলী জিলা যুৱ মৰ্চাৰ সভাপতি ৰঞ্জন মহন্তই বিজেপি দলৰ সকলো কাৰ্যকৰ্তাক সম্পৰ্ণ মনোভাৱেৰ আগন্তক দিনত কাম কৰি যোৱাৰ আহ্বান জনোৱাৰ লগতে আজি এই বিশাল ৰেলিত অংশগ্ৰহণ কৰা কাৰ্যকৰ্তা সকলক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে আগন্তক লোকসভা নিৰ্বাচনৰ বাবে সকলোকে সাজু হোৱাৰ আহ্বান জনায় ৷

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close