Uncategorizedঅসম

ধুবুৰীৰ শ্বসান মন্দিৰৰ ওচৰত ফলিমাৰী পুৰণি দলং ভাঙি মালবাহী চাৰিচকীয়া গাড়ী পানীত , ঠিকাদাৰে লেহেমগতিত দলং নিৰ্মাণৰ কাম কৰাৰ বাবে ৰাইজে সাব্যস্থ কৰিলে উত্থাল প্ৰতিবাদ

ধুবুৰীৰ শ্বসান মন্দিৰৰ ওচৰত ফলিমাৰী পুৰণি দলং ভাঙি মালবাহী চাৰিচকীয়া গাড়ী পানীত , ঠিকাদাৰে লেহেমগতিত দলং নিৰ্মাণৰ কাম কৰাৰ বাবে ৰাইজে সাব্যস্থ কৰিলে উত্থাল প্ৰতিবাদ

দুৰ্নীতিৰ দৰ্পণ সেৱা , ধুবুৰীৰ পৰা দেৱান জাহাঙ্গীৰ আলম : ধুবুৰী জিলাৰ ফলিমাৰী এখন পুৰণি গাঁও‌ । ধুবুৰীৰ শ্মশান মন্দিৰৰ ওচৰত এখন কাঠৰ দলং ভাঙি ছাইকেল সহ এখন মালবাহী চাৰিচকীয়া বাহন পানীত পৰি এক ভয়ংকৰ দুৰ্ঘটনা সংগঠিত হয় । বৰ্তমানলৈ গাড়ীৰ চালক, হেন্ডিমেন আৰু ছাইকেল আৰোহীৰ একো সংসুত্ৰ নাই । ঘটনাৰ পিছত বহু পলমকৈ ধুবুৰী জিলা প্ৰশাসন উপস্থিত হয় যদিও ৰাইজে PWD অফিচ মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্থাল প্ৰতিবাদ সাবস্থ্য কৰে স্থানীয় ৰাইজে । পিছত ধুবুৰী জিলাৰ চক্ৰ বিষয়াই আৰু জিলা প্ৰশাসনে ঘটনাৰ বুজ লয় আৰু ৰাইজৰ কথামতেই কাম হ’ব বুলি প্ৰতিশ্ৰুতি দি পৰিস্থিতি নিয়ন্ৰণ কৰে । এই পকী দলং নিৰ্মাণৰ লেহেমগতিত কাম কৰাৰ বহু বাৰ বাতৰি সম্প্ৰাচিত হোৱাৰ পিছতো PWD ৰ কাৰ্য্যবাহী অভিযন্তা, ঠিকাদাৰ আৰু বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে স্হানীয় ৰাইজে ধিক্কাৰ দিছে । কিয়নো , কাষেতে থকা অস্থায়ী কাঠৰ দলংখন জৰাজীৰ্ণ অৱস্থাত আছিল যদিও প্ৰশাসনৰ একো গুৰুত্ব নিদিয়াৰ এক অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে । এই কাঠৰ দলংৰ ওপৰেদি প্ৰতিদিনে অহা-যোৱা কৰে হাজাৰ হাজাৰ লোক । ধুবুৰীলৈ যোৱা এক মাত্ৰ এইটোৱেই হ’ল প্ৰধান পথ । গতিকে , অতি সোনকালেই এখন অস্থায়ী দলঙৰ ব্যৱস্থা কৰাৰ বাবে জিলা প্ৰশাসনৰ ওচৰত ৰাইজে দাবী জনাইছে আৰু জিলা প্ৰশাসনে মানি লৈ পিছত পথ মুকলি কৰি দিয়ে ।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close