Uncategorizedঅসম

বেংক গাৰ্ডৰ অতপালি, কৰ্তব্য এৰি দালালিত লিপ্ত হোৱাৰ অভিযোগ

বেংক গাৰ্ডৰ অতপালি, কৰ্তব্য এৰি দালালিত লিপ্ত হোৱাৰ অভিযোগ
দুৰ্নীতিৰ দৰ্পণ বগৰিবাৰী, ১৫ মাৰ্চ : বৃহত্তম বগৰিবাৰীৰ একমাত্ৰ বিত্তীয় প্ৰতিষ্ঠান ভাৰতীয় ষ্টেট বেংকত কৰ্মৰত পহৰাধাৰ তথা বেংক গাৰ্ড জনৰ বিৰুদ্ধে গ্ৰাহক ৰাইজে দুৰ্ব্যৱহাৰ তথা কৰ্তব্য সঠিক ভাবে পালন নকৰি দালালি কাৰ্যত জৰিত হোৱাৰ অভিযোগ তুলিছে । এগৰাকী বেংক গাৰ্ডে প্ৰবেশ দ্বাৰত মজুত থাকি বেংকত অহা যোৱা কৰা গ্ৰাহক ৰাইজৰ লগত সৎ ব্যৱহাৰৰ সৈতে তীক্ষ্ণ নজৰ ৰখাই প্ৰধান কাৰ্য হয় । কিন্ত্ত তাৰ বিপৰীতে বেংক গাৰ্ড জনে, বেংক একাউন্টেন বলৰাম পাল, দালাল হিম্মত আলী, আৰু আন দুগৰাকী নিম্ন বৰ্গৰ কৰ্মীৰ সহযোগত দালালি কাৰ্য অব্যাহত ৰাখিছে । বয়োজেষ্ঠ ৰাইজক ঘন্টাৰ পিছত ঘন্টালৈ লাইনত থিয় কৰাই থৈ ২/৩ শ টকাৰ বিনিময়ত বেংক গাৰ্ড জনে মূল কাৰ্যক প্ৰত্যাহান জনাই অইনৰ লাখ টকীয়া চেকৰ ধন মোকলাই দিয়ে বুলি ৰাইজে অভিযোগ তুলিছে । পাচবুক একাউন্ট খোলাৰ প্ৰ-পএ তথা বিভিন্ন শিতানৰ ঋণ প্ৰদানৰ নামত বেংক গাৰ্ডজনে কৌশলে গ্ৰাহকৰ পৰা ধন আদায় কৰাৰ অনেক উদাৰণ আছে । ইয়াৰ পূৰ্বে কোনো বেংক গাৰ্ডৰ বিৰুদ্বে ৰাইজে অভিযোগ তোলা নাই যদিও নৱ বেংক পহৰদাৰ জনে শাখা প্ৰবন্ধকে নজনাকৈ অনিয়ম সংঘটিত কৰি আছে বুলি অভিযোগত প্ৰকাশ । বেংক গাৰ্ড জনৰ বিৰুদ্বে ৰাইজে তদন্ত মূলে বিহীত ব্যৱস্থাৰ দাবী জনাই এজিএম, ডিজিএম ৰ দৃষ্টি আকৰ্ষণ কৰে ।
Show More

12 Comments

  1. Greetings I am so delighted I found your webpage, I really found you by accident, while I was researching on Bing
    for something else, Nonetheless I am here now and would just like to say thanks a lot for
    a fantastic post and a all round enjoyable blog (I also love
    the theme/design), I don’t have time to browse it all at the minute but I
    have bookmarked it and also added your RSS feeds, so when I
    have time I will be back to read a great deal more,
    Please do keep up the excellent b.

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close