Uncategorizedঅসমখেল-ধেমালী

ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল অসম সন্তান ইব্ৰাহিম আলী

ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল অসম সন্তান ইব্ৰাহিম আলী

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিশেষ প্ৰতিবেদন : ৰাষ্ট্ৰীয় ভলীবল টীমলৈ নিৰ্বাচিত জাগীৰোডৰ যুৱ খেলোৱৈ ইব্ৰাহিম আলী (বকা)। বিভিন্ন বাধা-বিপত্তি অতিক্ৰম কৰি তেওঁ অতি কম সময়ৰ ভিতৰতে ৰাষ্ট্ৰীয় দলত নিজৰ স্হান অলংকৃত কৰিবলৈ যোগ্যতা অৰ্জন কৰিলে। ২০১৬ বৰ্ষৰ মধ্যপ্ৰদেশত অনুষ্ঠিত ২৫ তম মিনি নেচনেল ভলীবল চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত অসম দলৰ হৈ যোগদান কৰে। তদুপৰি ২০১৭ বৰ্ষৰ ৰাষ্ট্ৰীয় দলৰ হৈ পন্ডিচেৰীত অনুষ্ঠিত খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ যোগ্যতা অৰ্জন কৰি মৰিগাঁও জিলাৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনে । মৰিগাঁও জিলাৰ জাগীৰোড থানাৰ অন্তৰ্গত নখোলাগ্ৰান্টৰ ইব্ৰাহিম আলীয়ে ইতিপূর্বে ৰাজ্যিক-আন্তঃৰাজ্যিক বহুকেইখ প্ৰতিযোগিতাত ভাগ লৈ বিজয়ৰ মুকুট পিন্ধিবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা অসমৰ উদিয়মান তথা প্ৰতিভাসম্পন্ন খেলুৱৈ ইব্ৰাহিম আলীক VOLLEYBALL FEDERATION OF INDIA আৰু অসম চৰকাৰৰ তৰফৰ পৰা মৰিগাঁও জিলাৰ উপায়ুক্তই সম্বৰ্দ্ধনা পত্ৰ প্ৰদান কৰে ।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close