Uncategorizedঅসম

আজিৰে পৰা বটদ্রৱা থানত শ্রীশ্রী কৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱ

আজিৰে পৰা বটদ্রৱা থানত শ্রী শ্রী কৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱ

দুৰ্নীতিৰ দৰ্পণ , দিলদাৰ হুছেইন , আলিটাঙনী , ১৯ মাৰ্চ : অসমীয়া জাতিৰ জনক জগত গুৰু শ্রীমন্ত শংকৰ দেৱে আজিৰ পৰা প্রায় পাঁচশ বছৰ আগতে ‘চিহ্নযাত্রা’ ভাওনা অনুষ্ঠিত
কৰা স্থানত জগন্নাথ পুৰীৰ ইন্দ্রদ্যুম্ন ৰজাই সজা দৌলৰ আৰ্হিত এটি দৌল মন্দিৰ সাজি ভাৰতীয় মহাজীৱনৰ অনুপম আনন্দ ৰঙৰ উৎসৱ ফাকুৱা পাতিছিল । তাহানিৰ পৰা সেই মহান ঐতিহ্যক সৰোগত কৰি মহা আড়ম্বৰপূৰ্ণ ভাবে প্রতি
বছৰে দৌল উৎসৱ বা ফাকুৱা ফাল্গু পূৰ্নিমা তিথিত পালন কৰা হয় । তদুপলক্ষে
অহা কাইলৈৰ পৰা ২৪ মাৰ্চলৈ পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বটদ্রৱা থানত দৌল উৎসৱ পালন কৰা হ’ব । অহা কাইলৈ গন্ধোৎসৱৰ সন্ধ্যা গোসাঁইক গায়ন বায়ন আৰু ভক্তসবে গাই বাই কীৰ্তনঘৰৰ পৰা উলিয়াই আনি থানৰ উত্তৰে থকা আকাশী গংগাৰ তীৰৰ এটি অস্থায়ী (গন্ধঘৰ) ঘৰলৈ নি বিঘিনি নাশক মন্ত্ৰ
উচ্চাৰণ কৰি পাছত গন্ধঘৰটো পুৰি গোসাঁইক তাৰ পৰা লৈ আহি কীৰ্তনঘৰৰ নাতিদূৰত অস্থায়ীকৈ সজা ৰভাতলত স্থাপন কৰা হ’ব । পাছত গোসাঁইক স্নান কাৰ্য্য সম্পাদনৰ পাছত গান্ধবিৰিঙা, গুণ গাঁঠিয়ন, মুঠা, মিঠি, পিৰিকা ফুল আদি ভেষজ উপাদানেৰে প্রস্তুত কৰা গন্ধ তেল বুলি প্রচলিত এই বিশেষ তেলৰে নোওৱা
হ’ব । তাৰ পাছত তেল, চন্দন, অগৰু সানি গোসাঁইক নতু্ন বস্ত্র, অলংকাৰ পিন্ধাই সিংহাসনত স্থাপন কৰি গায়ন বায়নে ‘ৰাম ধেমালী’ পৰিবেশন কৰিব । ইয়াৰ পাছদিনা অথাৎ ২১ ৰ্মাচ ‘গোসাঁই মুৰত ফাকু দিয়া উৎসৱ’ৰ সন্ধ্যা গোসাঁইক নোৱাই ধোৱাই আসনত বহুৱাই সুবাসিত ফাকু দিয়া হ’ব আৰু গায়ন বায়নে ‘ন-ধেমালী’ পৰিবেশন কৰিব আৰু ভক্ত বৈষ্ণৱ সকলে ফাকু ৰ্নিমালী আৰু পদজল গ্রহণ কৰিব । সেই উৰে নিশা গোসাঁইক ৰভাতলত ৰাখি ৰাজ্য খনৰ ভিন্ন প্রন্তৰ পৰা অহা ভক্ত
বৈষ্ণৱে নাম কীৰ্তন কৰিব । ২২ ৰ্মাচৰ দিনা গোসাঁই ফুৰোৱা উৎসৱ । সেই দিনা ২
বজাত গায়ন বায়ন , ভকত-বৈষ্ণৱ , আই-মাতৃ সকলোৱে কৃষ্ণ গোসাঁইক ৰভাতলৰ পৰা
উলিয়াই দৌললে যাত্রা কৰিব । দৌল মন্দিৰত গোসাঁইক পূজা অৰ্চনা দি সাত পাক
পদক্ষিন কৰোৱাৰ পাছত পাছত গোসাঁইক বৰদোৱাৰ দুই সত্ৰ ক্ৰমে শ্ৰী শ্ৰী শলগুৰি আৰু শ্ৰী শ্ৰী নৰোৱা সত্ৰত পদক্ষিন কৰোৱাই লগতে সত্ৰাধিকাৰ, ডেকা সত্ৰাধিকাৰৰ ঘৰত প্ৰবেশ কৰোৱাই পূজা অৰ্চনা দি শেষত নিশা ৮ বজাত দুৱাৰ ধৰা নামৰ এটা বিশেষ অনুষ্ঠানৰ দ্বাৰা কীৰ্তন ঘৰত প্ৰবেশ কৰোৱাৰ পাছতে দৌল
যাত্রা উৎসৱৰ ধৰ্মীয় কাৰ্যসূচীৰ অন্ত পৰিব । আনহাতে , দৌল যাত্রা উৎসৱৰ লগত সংগতি ৰাখি ২১, ২২ আৰু ২৩ ৰ্মাচৰ নিশা আকাশী গংগাৰ পাৰৰ প্রেক্ষাগৃহত সংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব । ২১ ৰ্মাচৰ সংস্কৃতিক অনুষ্ঠান উদ্ধোধন কৰিবৰ বাবে অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা আৰু অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী ভবেশ কলিতা । ২২ ৰ্মাচৰ সত্রীয়া সংস্কৃতিক অনুষ্ঠান উদ্ধোধন কৰিব অসম নাট্য সন্মিলনৰ সভাপতি দুলাল ৰয়ে । ২৩ ৰ্মাচৰ সত্রীয়া সংস্কৃতিক অনুষ্ঠান উদ্ধোধন কৰিব নৃত্যচাৰ্য যতীন গোস্বামীয়ে । তিনিও নিশাতে ৰাজ্য খনৰ ভিন্ন প্রান্তৰ পৰা আমন্ত্রিত ভাওনা, সত্রীয়া নৃত্য , লোক নৃত্য , লোক সংগীত , বৰগীত , শাস্ত্ৰীয় নৃত্য, দিহানাম আদি অনুষ্ঠানেৰে মুখৰিত হ’ব ।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close