Uncategorizedঅসম

মাণিকপুৰত শ্ৰী শ্ৰী কৃষ্ণৰ দৌল উৎসৱ উৎযাপন

মাণিকপুৰত শ্ৰী শ্ৰী কৃষ্ণৰ দৌল উৎসৱ উৎযাপন

দুৰ্নীতিৰ দৰ্পণ , ডিজিটেল সেৱা, মাণিকপুৰ, ২১ মাৰ্চ : পৰম্পৰাগত ৰীতি নীতিৰে আৰম্ভ হৈছে শ্ৰী শ্ৰী কৃষ্ণৰ দৌল উৎসৱ ফাকুৱা তথা ফাল্গু উৎসৱ । বঙাইগাঁও জিলাৰ বৃহত্তৰ মাণিকপুৰ অঞ্চলৰ ভিন্ন স্থানত ২০ মাৰ্চৰ পৰা আৰম্ভ হোৱা শ্ৰী শ্ৰী কৃষ্ণৰ দৌল উৎসৱ অঞ্চলটোৰ বৰবিলা ৰাজহুৱা নামঘৰতো এইবেলি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী উৎযাপন কৰিবলৈ লোৱা হৈছে।১৯০১ চনৰ পৰা উৎযাপন কৰি অহা শতবৰ্ষ গৰকা এই দৌল উৎসৱ উৎযাপন সমিতিয়ে বৰবিলা ৰাইজৰ সহযোগত মহা ধুমধামেৰে পালন কৰিবলৈ লোৱা শ্ৰী শ্ৰী কৃষ্ণৰ দৌল উৎসৱ উৎযাপনৰ বিভিন্ন কাৰ্য্যসূচী অনুসৰি ২০ মাৰ্চৰ সন্ধিয়া গন্ধোৎসৱ , নাম-প্ৰসংগ ২১ মাৰ্চত ভৰ দৌল, নাম-প্ৰসংগ ২২ মাৰ্চত ৰাতিপুৱা হোলী-ফাকু খেল আৰু আবেলি গোসাঁই লৈ মানিকপুৰ বজাৰ প্ৰাংগনত গোসাঁই ফুৰোৱাৰ লগতে নাম প্ৰদৰ্শন, শুৱেৰি মেলা আৰু সন্ধিয়া নামঘৰ বাকৰিত প্ৰসাদ বিতৰণেৰে উৎসৱৰ সামৰণি।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close