Uncategorizedঅসম

তামুলপুৰ জিলা বিপিএফৰ মুখ্য কাৰ্যালয়ত বিজেপি, অগপ আৰু বিপিএফ দলে এখন সংবাদ মেল

তামুলপুৰ জিলা বিপিএফৰ মুখ্য কাৰ্যালয়ত বিজেপি, অগপ আৰু বিপিএফ দলে এখন সংবাদ মেল

দুৰ্নীতিৰ দৰ্পণ সেৱা , অভিজিৎ তালুকদাৰ , তামুলপুৰ , ২৯ মাৰ্চ : আজি সন্ধিয়া বাক্সা জিলাৰ তামুলপুৰ জিলা বিপিএফৰ মুখ্য কাৰ্যালয়ত বিজেপি, অগপ আৰু বিপিএফ দলে এখন সংবাদ মেল অনুষ্ঠিত হয় । সংবাদ মেলত বিজেপিৰ সভাপতি ৰঞ্জিত দাসে সংবাদ মেলৰ আত ধৰি কয় – আগন্তুক লোকসভা নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিত বিজেপি , এজিপি আৰু বিপিএফৰ উমৈহতীয়া প্ৰাৰ্থ্বী প্ৰমিলা ৰানী ব্ৰহ্মক জয়যুক্ত কৰি পুনৰবাৰ নৰেন্দ্ৰ মোডীক প্ৰধান মন্ত্ৰী পদত অধিষ্ঠিত কৰি এখন শক্তিশালী ভাৰত গঢ়াৰ আহ্বান জনায়। অগপৰ সভাপতি অতুল বৰাই সংবাদমেল সম্বোধন কৰি কয় যে , বিজেপি, এজেপি আৰু বিপিএফৰ উমৈহতীয়া প্ৰাৰ্থী প্ৰমিলা ৰানী ব্ৰহ্মক কোকৰাঝাৰ সমষ্টিৰ পৰ‍ জয়ী কৰিলে ভাৰতবৰ্ষৰ উন্নয়নৰ গতি ত্বৰান্বীত হ’ব । সংবাদ মেলত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে প্ৰমীলা ৰানীৰ জয় নিশ্চিত বুলি সজোৰে দাবী কৰী কয় যে , তেওঁলোকৰ প্ৰতিদ্বন্দী হ’ব ইউপিপিএলৰ প্ৰাৰ্থী । সংবাদ মেল সম্বোধন কৰি কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মই অগপ-বিজেপি দলৰ নেতৃত্বত ধন্যবাদ জ্ঞাপন কৰি কয় যে , তেওঁৰ জয় সুনিশ্চিত । আজিৰ সংবাদ মেলত মন্ত্ৰী ভবেশ কলিতাৰ উপৰিও বিজেপি , এজিপি আৰু বিপিএফৰ কেন্দ্ৰীয় নেতৃবৃন্দ উপস্থিত থাকে ।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close