Uncategorizedঅসম

নগাঁৱৰ গৰৈমাৰী পাম মোক্তাৱ বিদ্যালয়ত শিক্ষকৰ প্ৰহাৰত আহত ছাত্ৰী , শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী আমছুৰ : এজাহাৰ দাখিল 

নগাঁৱৰ গৰৈমাৰী পাম মোক্তাৱ বিদ্যালয়ত শিক্ষকৰ প্ৰহাৰত আহত ছাত্ৰী , শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী আমছুৰ : এজাহাৰ দাখিল

দুৰ্নীতিৰ দৰ্পণ, দিলদাৰ হুছেইন, আলিটাঙনী; ৩ এপ্ৰিল : নগাঁও জিলাৰ জুৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত গৰৈমাৰী পাম মোক্তাৱ বিদ্যালয়ৰ শিক্ষকৰ প্ৰহাৰত এগৰাকী কণমানি ছাত্ৰী আহত হোৱাৰ ঘটনাই গ্ৰাম্যাঞ্চলৰ শিক্ষা বিভাগৰ প্ৰকৃত ফোঁপোলা স্বৰূপটো উন্মোচন হৈছে । প্ৰাপ্ত তথ্য মতে, গৰৈমাৰী পাম মোক্তাৱ বিদ্যালয়ৰ সহকাৰী শিক্ষক বসন্ত কুমাৰ শইকীয়াই মঙ্গলবাৰে বিদ্যালয়ৰে তৃতীয় শ্ৰেণীৰ ছাত্ৰী ফুৰহিনা খাতুনৰ লগতে কেইবাজনো ছাত্ৰ ছাত্ৰীয়ে শ্ৰেণী কোঠাৰ ভিতৰতে হুলস্থুল কৰাৰ বাবে খংত অগ্নি শৰ্মা হৈ বেতেৰে কোবাই যদি শিক্ষকৰ নিৰ্মম প্ৰহাৰত ফুৰহিনা খাতুন নামৰ ছাত্ৰী গৰাকীয়ে হাতৰ আঙুলিৰ লগতে হাতত আঘাত প্ৰাপ্ত হয় । লগে- লগে ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে ততাতৈয়াকৈ কণমানি ছাত্ৰী গৰাকীক দগাঁও ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসাত ভৰ্তি কৰায় । কণ কণ শিশুক মৰম স্নেহৰ বিপৰীতে বেতেৰে কোবাই নিজৰ দক্ষতা দেখুওৱা শিক্ষক বসন্ত কুমাৰ শইকীয়াৰ বিৰুদ্ধে আছে আন বহু অভিযোগ। অভিযোগ অনুসৰি, এই জন শিক্ষকৰ প্ৰহাৰৰ ভয়ত বৃহত্তৰ অঞ্চলটোৰ বহুতো কণ কণ শিশু বিদ্যালয়লৈ আহিবলৈ ভয় কৰে । মানুহ গঢ়াৰ মন্দিৰ স্বৰূপ বিদ্যালয়ত এজন মানৱৰূপী দানৱ শিক্ষকৰ ভয়ত জীৱনৰ পাতনি বেলাতেই কণ কণ শিশু শিক্ষাৰ পৰা বঞ্চিত হ’ব লগা ঘটনাই সমগ্ৰ অঞ্চলবাসীক চিন্তিত কৰি তুলিছে । উক্ত ঘটনা সন্দৰ্ভত ইতিমধ্যে শিক্ষক বসন্ত কুমাৰ শইকীয়াৰ বিৰুদ্ধে ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে উচিত ন্যায় বিচাৰি দগাঁও আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল কৰিছে । শিক্ষকৰ প্ৰহাৰত এগৰাকী কণমানি ছাত্ৰী আহত হোৱাৰ ঘটনাক তীব্ৰ গৰিহণা দিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে । আমছুৰ নগাঁও জিলা সমিতিৰ সধাৰণ সম্পাদক আশ্ৰাফুল হুছেইন আৰু শিক্ষা সম্পাদক মিজানুৰ ৰহমানৰ নেতৃত্বত এটি সঁজাতি দলে আহত ছাত্ৰী গৰাকীৰ স্বাস্থ্য বুজ লৈ সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ শিক্ষা মন্ত্ৰীৰ লগতে শিক্ষা বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষৰক উক্ত ঘটনাৰ নায়ক শিক্ষক বসন্ত কুমাৰ শইকীয়াৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ দাবী তোলে । আন এক অভিযোগত প্ৰকাশ যে, এই বিদ্যালয়খনৰ আন দুগৰাকী শিক্ষয়ত্ৰীৰ বিৰুদ্ধে আছে ছাত্ৰ ছাত্ৰীক শিক্ষাদানৰ বিপৰীতে শ্ৰেণী কোঠাত বহি বহি ম’বাইলত ফেচবুকত ব্যস্ত হৈ থকা । গ্ৰাম্যাঞ্চলৰ শিক্ষা বিভাগৰ এনে নগ্ন ৰূপে বৰ্তমান সময়ত শিক্ষা বিভাগৰ ফোঁপোলা স্বৰূপটো উন্মোচিত হৈছে ।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close