Uncategorizedঅসম

বলিকটীয়াত অসম গণ পৰিষদ দলৰ নিৰ্বাচনী সভা 

বলিকটীয়াত অসম গণ পৰিষদ দলৰ নিৰ্বাচনী সভা

দুৰ্নীতিৰ দৰ্পণ , ডুমডুমীয়া , ৮ এপ্রিল : নগাঁও জিলাৰ ডুমডুমীয়াৰ অন্তগত বলিকটীয়াত অসম গণ পৰিষদ দলৰ বিয়লি দুই বজাত এখনি নিৰ্বাচনী সভা অনুষ্টিত হয় ৷ সভাত প্রাক্তন বিধায়ক মোবাৰক আলি পাঠানে কয় , ভাৰত স্বাধীন হোৱাৰ পিছত বেছি ভাগ দিনেই কংগ্রেছে ৰাজত্ব কৰিছিল , কিন্তু সংখালঘু মানুহৰ কোনো এটা সমস্যা সমাধান কৰা নাই ৷ তেওঁলোকৰ দিনতেই অসমত গোষ্ঠী সংঘৰ্ষ হৈ হাজাৰ হাজাৰ সংখালঘু মুছলমানৰ মৃতু হৈছিল ৷ সংখালঘু লোকসকলক কংগ্রেছে সদায় প্রতাৰণা কৰি আহিছে ৷ বাপেক পুতেকৰ ৰাজনীতি এইবাৰ ৰাইজে কলিয়াবৰৰ পৰা বিদায় দিব লাগে ৷ ইনামুল হকৰ সভাপতিত্বত হোজাই জিলাৰ সভাপতি ৰেজাউল হক চৌধুৰীয়ে কয় , গৰাখহনীয়া,বানপানী,ৰাস্তা-ঘাট,পানীযোগান আঁচনি,কৃষি ,ডি ভোটাৰ ,বৃদ্ব-পেনঞ্চ আদিকে ধৰি এশ এবুৰি সমস্যাৰে জ্বৰজ্বৰিত হৈ আছে যদিও আগৰ কংগ্রেছ চৰকাৰে কোনো এটা সমস্যা সমাধান কৰিব পৰা নাই ৷ বিজেপি পুনৰাই চৰকাৰ হ’লে নৰেন্দ মোডিয়ে এই সকলো সমস্যা সমাধান কৰিব বুলি কয় ৷ হোজাইৰ সভাপতি গৰাকীয়ে মাছৰ কথা উত্থাপন কৰি পুনৰ কয় , অহা এঘাৰ তাৰিখে কলিয়াবৰ বাসী ৰাইজে হাতীৰ ছবিত ভোট দি কোন মতা মাছ-কোন মাইকী মাছ চিনাক্ত কৰিব ৷ সভাত ধিং সমষ্টিৰ নিব্বাচনী কমিটিৰ সাধাৰণ সম্পাদক ৰিজাউল হক,ওচমান গণি ,বিপুল কলিতা,এজিপি,বিজেপি দলৰ বিভিন্ন বিষয়ববীয়াৰ লগতে প্রায় এক হাজাৰলোক উপস্তিত আছিল ৷

Show More

10 Comments

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close