Uncategorizedঅসম

কাৰ্বি পাহাৰৰ বকলীয়াঘাটত বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে 

কাৰ্বি পাহাৰৰ বকলীয়াঘাটত বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
দুৰ্নীতিৰ দৰ্পণ সেৱা , Gautam chanda , Howraghat  : লোকসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া পাহাৰতো অব্যাহত আছে গেৰুৱা বাহিনীৰ হাইভল্টেজ প্ৰচাৰ অভিযান ৷ পাহাৰৰ একমাত্ৰ লোকসভাৰ আসনখন দখলৰ বাবে আজি তথা বুধবাৰে ডিফুৰ বিজেপি প্ৰাৰ্থীৰ হৈ বকলীয়াঘাটত প্ৰচাৰ চলায় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ পাহাৰত গেৰুৱা ধ্বজা উৰুৱাবলৈ বদ্ধ পৰিকৰ বিজেপি ৷ পাহাৰত প্ৰথমবাৰৰ বাবে পদুম ফুলিব ৷ দ্বিতীয় পৰ্যায়ৰ হাইভল্টেজ প্ৰচাৰ সভাত বিজেপি নেতাৰ উদাত্ত ভাষণ ৷ পাহাৰত অব্যাহত হাইভল্টেজ প্ৰচাৰ অভিযানৰ মাজতে আজি তথা বুধবাৰে ৩ নং ডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত বকলীয়াঘাটত বিজেপিৰ মনোনীত প্ৰাৰ্থী হৰেণ ছিং বে’ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ বকলীয়াঘাটৰ অস্থায়ী হেলিপেডত পুৱা হেলিকপ্টাৰেৰে উপস্থিত হৈ পোনে পোনে নিৰ্বাচনী সভালৈ অহা মুখ্যমন্ত্ৰী সোণোৱালে ৰাইজক উদ্দেশ্যি দিয়া ভাষণ প্ৰসংগত বিৰোধী দল কংগ্ৰেছক পুনৰবাৰ সমালোচনা কৰে ৷ ডিফু লোকসভা আসনখন ধাৰাবাহিকভাৱে কংগ্ৰেছৰ হাতত থকাৰ পিছতো পাহাৰৰ প্ৰকৃত উন্নয়ন নোহোৱা বুলি উল্লেখ কৰে সোণোৱালে ৷ এখন দুৰ্নীতিমুক্ত আৰু নিকা চৰকাৰ গঠনৰ স্বাৰ্থত তথা পাহাৰৰ দীৰ্ঘদিনীয়া অভাৱ-অভিযোগৰ নিৰ্মূলৰ বাবে ৰাইজক বিজেপিক শক্তিশালী কৰাৰ আহ্বান জনায় ৷ কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং সমন্বিতে অন্যান্য পাৰিষদবৰ্গইও অংশ লোৱা এই নিৰ্বাচনী জনসভাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ-মাধ্যমকো সাক্ষাৎ দি কয় যে , পাহাৰক কংগ্ৰেছে বিগত ৫/৭  টা বছৰে বহু পিছুৱাই নিলে ৷ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ইতিমধ্যেই পাহাৰৰ পৰিৱৰ্তন আৰম্ভ হৈছে ৷ আগন্তুক দিনত পাহাৰৰ তিনিওখন জিলা সমগ্ৰ দেশৰ ভিতৰতে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিব বুলি দাবী কৰে সোণোৱালে ৷
Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close