Uncategorizedঅসমদৰ্পণ বিশেষদৰ্পণ সমীক্ষা

বটাহ চৰাই পালনেৰে স্বাৱলম্বী হৈছে গোগামুখৰ এজন যুৱক

বটাহ চৰাই পালনেৰে স্বাৱলম্বী হৈছে গোগামুখৰ এজন যুৱক

দুৰ্নীতিৰ দৰ্পণ সেৱা ,গোগামুখৰ পৰা লোচন দাসৰ ৰিৰ্পট , ১৩ এপ্ৰিল : চছিয়েল মেডিয়াৰ মাধ্যমেৰে স্বাৱলম্বীতাৰ পথ দেখা এজন যুৱক ৷ মনত অলেখ সপোন পুহি ৰাখিছে গোগামুখৰ এজন যুৱকে ৷ ৰাজ্যত যিটো সময়ত নিৱনুৱা সমস্যা সমাধান কৰাত বিভিন্ন চৰকাৰ ব্যৰ্থ হৈছে , সেই সময়তে ধেমাজিৰ এজন যুৱকে বটাহ চৰাই পালন কৰি স্বাৱলম্বীতাৰ পথ বাছি লৈছে নিজ গৃহতে ৷ ভেৱেলী সোনোৱাল গাঁৱৰ পাপু সোনোৱালে বটাহ চৰাই পালনেৰে জীৱিকা নিৰ্বাহ কৰি উৎকৃষ্ট নিৰ্দশন দেখুৱাইছে ৷ সমাজত
সৰুৰে পৰা কিবা এটা কৰাৰ সপোন দেখা যুৱক জনৰ মুখত এতিয়া সফলতাৰ হাঁহি ৷ বিগত ছয়টা মাহত প্ৰায় ষোল্ল শ বটাহ চৰাই পালন কৰি যথেষ্ট ধন উপাৰ্জন কৰা বুলি যুৱকজনে জানিবলৈ দিয়ে ৷ বজাৰত ৬০০ টকা দৰত বিক্ৰী হোৱা মাংস এতিয়া জনপ্ৰিয় হৈ পৰিছে গোগামুখৰ ৰাইজৰ মাজত ৷ প্ৰথমতে চচিয়েল মাধ্যমৰ যোগেদি বটাহ চৰাই পোহাৰ মনত কল্পনা কৰি আগবাঢ়িছিল এই যুৱকজনে ৷ যিটো সময়ত চৰকাৰী চাকৰী বিচাৰি নাপায় লাখ লাখ নিৱনুৱা যুৱকে ঘৰ এৰি বিদেশলৈ যাত্ৰা কৰিছে , সেই সময়তে গোগামুখৰ এই যুৱকজনে হাতত লৈছে এক সুগম পথ ৷ কেৱল মনত সাহস, একাগ্ৰতা, মনোযোগ থাকিলে নিৱনুৱা সমস্যা দূৰ কৰিব পাৰি বুলি মন্তব্য আগবঢ়ায় যুৱকজনে ৷ উল্লেখ্য যে , সম্পূৰ্ন ব্যক্তিগত প্ৰচেষ্টাত গঢ়ি উঠা এই ফাৰ্মখনত হাঁহ, কুকুৰা, গাহৰি আদি পালন কৰি যথেষ্ট পৰিমানে উপকৃত হোৱা বুলি মতপোষণ কৰে যুৱক জনে ৷ গাঁঠিৰ ধন ভাঙি আৰম্ভ কৰা ফাৰ্মখনে যুৱকজনলৈ আশাৰ ৰেঙনী কঢ়িয়াই আনিছে বৰ্তমান সময়ত ৷ চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত যুৱকজনে চৰকাৰৰ সুবিধা পালে বিগত সময়ত বটাহ চৰাই ফাৰ্মখন আৰু অধিক আগবঢ়াই নিব বুলি জানিবলৈ দিয়ে ৷ ইপিনে , নিৱনুৱা যুৱক -যুৱতী সকলক কৰ্মসুত্ৰে বাহিৰলৈ নগৈ এই পথ বাচি লৈ নিৱনুৱা সমস্যা দূৰ কৰিবলৈ আহ্বান জনায় ৷

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close