Uncategorizedঅসম

উৰিয়ামপাৰা উপস্বাস্থ্য কেন্দ্ৰত অৰাজকতা , ডাক্তৰ নাৰ্চৰ মইমতালিৰে চলিছে চিকিৎসা কেন্দ্ৰ

উৰিয়ামপাৰা উপস্বাস্থ্য কেন্দ্ৰত অৰাজকতা , ডাক্তৰ নাৰ্চৰ মইমতালিৰে চলিছে চিকিৎসা কেন্দ্ৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা;ট , মাজুলী, ৬ ফেব্ৰুৱাৰীঃ
মাজুলীৰ বহু উপ স্বাস্থ্য কেন্দ্ৰলৈ সময় মতে ডাক্টৰ নাৰ্চ নহাৰ বাবে জনসাধাৰণে জীয়াতু ভোগীব লগা হৈ আহিছে ৷ উল্লেখ্য যে , মধ্য মাজুলীৰ উৰিয়ামপাৰা গাঁৱৰ উপ স্বাস্থ্য কেন্দ্ৰত বৰ্তমান চলিছে চৰম অৰাজকতা । ঘৰত বহিয়েই একাংশ চিকিৎসাাৰ কৰ্মীয়ে দৰমহা লৈ থকাৰ অভিযোগ উঠিছে ৷ এই উপস্বাস্থ্য কেন্দ্ৰটোত এগৰাকী নাৰ্চ আৰু এজন এম পি ডব্লিউ আছে যদিও স্থানীয় জনসাধাৰণ কেন্দ্ৰটিত কৰ্মচাৰী কেইজনৰ উপস্থিতি অনিয়মীয়া বুলি অভিযোগ তুলিছে । আজি এই কেন্দ্ৰটিত কৰ্মচাৰী কেইজনক অনিয়মীয়া উপস্থিতিৰ সম্পৰ্কত এই প্ৰতিবেদকে প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে এম পি ডব্লিউ আৰু , নাৰ্চ গৰাকী ৷ কোনো উত্তৰ প্ৰদান নকৰাত স্থানীয় ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আনহাতে , ২০০৭ চনতে নিৰ্মাণ হোৱা উৰিয়ামপাৰা স্বাস্থ্যকেন্দ্ৰটো আজি পৰ্যন্ত কাম সম্পূৰ্ণ নোহোৱাত সচেতন মহ’লে তীব্ৰ আক্ষেপ প্ৰকাশ কৰাৰ লগতে প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে । বাসগৃহটো নিৰ্মাণ কৰি ৰোগীৰ উপযোগী হোৱাকৈ ঔষধ পাতিৰ ব্যৱস্থা কৰি নিয়মীয়া সেৱা প্ৰদান কৰিবৰ বাবে ৰাইজে পূৰ্বৰে পৰা দাবী জনাই আহিছে যদিও মাজুলী জিলা প্ৰশাসনে ৰোগীক স্বাস্থ্য সেৱা প্ৰদান কৰা দিশটোত পূৰ্বৰে পৰা অনিহা প্ৰদান কৰা পৰিলক্ষিত হৈ আহিছে । অঞ্চলটোৰ প্ৰায় ২০খন গাঁৱৰ জনসাধাৰণে নিতৌ ভিৰ কৰা স্বাস্থ্য কেন্দ্ৰটিত জিয়াতো ভূগি আহিছে ৰোগীয়ে ৷ সংবাদ মাধ্যমত সঘনাই উপস্বাস্থ্য কেন্দ্ৰ সমূহৰ স্বৰূপ উদঙাই বাতৰি সম্প্ৰচাৰিত হোৱাৰ পাছতো গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ অঞ্চল বাসীয়ে অতি সোনকালে উপ স্বাস্থ্য কেন্দ্ৰ টোৰ আধৰুৱা গৃহ নিৰ্মাণ কৰিবলৈ দাবী জনোৱাৰ লগতে আৰু উন্নত মানৰ ঔষধ যোগান ধৰি কৰ্মীৰ নিয়মীয়া উপস্থিতি কৰাবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close