Uncategorizedঅসম

আহি আছে আলি আয়ে লৃগাং , গহপুৰৰ বিভিন্ন অঞ্চলত ব্যাপক আয়োজন

আহি আছে আলি আয়ে লৃগাং , গহপুৰৰ বিভিন্ন অঞ্চলত ব্যাপক আয়োজন

দুৰ্নীতিৰ দৰ্পণ সেৱা , গহপুৰ : ফাগুন মাহৰ প্ৰথম বুধবাৰে উদযাপন হয় মিছিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ। অসমৰ অন্যতম ভূমিপুত্ৰ মিছিং সম্প্ৰদায়ৰ মাজত ব্যাপক উৎসাহ। ৰাজ্যজুৰি মিছিং সকলৰ কৃষিভিত্তিক উৎসৱ লৃগাঙক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে ব্যতিক্ৰম নহয় গহপুৰও । গহপুৰৰ বিভিন্ন অঞ্চলত আলি আয়ে লৃগাং উৎসৱৰ আয়োজন চলিছে। এইবাৰ গহপুৰৰ টকৌবাৰীত আঞ্চলিক ভিত্তিত কেইবাখনো গাঁওৰ ৰাইজে একেলগে গোট খাই এই উৎসৱৰ আয়োজন কৰিছে লগতে গহপুৰৰ ২৮ ঘৰীয়াত পৰম্পৰাগত মিচিং জনগোষ্ঠীয় লোকসংস্কৃতি আলি-আয়ে-লৃগাংৰ ব্যাপক প্ৰস্তুতি | ১৯ আৰু ২০ ফেব্ৰুৱাৰী ২০১৯ ত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব উক্ত অনুষ্ঠান | ঐনিতমৰ সুৰত আৰু গুমাৰাগৰ ছন্দত মুখৰিত হৈ পৰিছে মিছিং অধ্যুষিত অঞ্চল ।

Show More

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Close
Close