বৰপেটাত ফিট ইণ্ডিয়া ফ্ৰিডম ৰাণ
দুৰ্নীতিৰ দৰ্পণ সেৱা,মফিদুল হক, ভেল্লা ,১৪ আগষ্টঃ আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে আজি বৰপেটাত ফিট ইণ্ডিয়া ফ্ৰিডম ৰাণ সম্পন্ন হয় ৷ বৰপেটা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত এই ৰাণ বৰপেটা পৌৰসভাৰ খেলপথাৰৰ পৰা শুভাৰম্ভ কৰা হয় ৷ জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষালে শপত বাক্য পাঠ কৰোৱাৰ লগতে ফিট ইণ্ডিয়া ফ্ৰিডম ৰাণৰ শুভাৰম্ভ কৰে ৷ এই কাৰ্যসূচীত জিলা ক্ৰীড়া বিষয়া অক্ষয় দাস,নেহৰু যুৱ কেন্দ্ৰৰ জিলা যুৱ বিষয়া চয়ন শুক্লবৈদ্য,ৰংমনৰ সভানেত্ৰী ভাৰতী চৌধুৰীৰ লগতে নেহৰু যুৱ কেন্দ্ৰৰ স্বেচ্ছাসেৱক স্বেচ্ছাসেৱিকা,এন চি চিৰ কিছু কেডাৰ উপস্থিত থাকে ৷