জনিয়াত আই জি এচ এচ এচৰ উদ্যোগত প্ৰতিযোগিতামুলক অনুষ্ঠান

258

জনিয়াত আই জি এচ এচ এচৰ উদ্যোগত প্ৰতিযোগিতামুলক অনুষ্ঠান

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ ,হাউলী,১৮ আগষ্টঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এন জি অ ইণ্ডো গ্লোবেল ছচিয়েল ছাৰ্ভিচ ছ’চাইটি চমুকৈ আই জি এচ এচ এচৰ উদ্যোগত স্বাধীনতা দিৱসৰ দিনা বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় । উল্লেখ্য যে, বৰপেটা আৰু ধুবুৰী জিলাৰ সমন্বয়ক মকিব শিকদাৰৰ তত্বাৱধানত দিনজোৰা কাৰ্যসূচীৰে জনিয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদ প্ৰাংগণত মিউজিক চিয়াৰ, চিত্ৰাংকন, কুইজ,স্মৃতি পৰীক্ষা, আকস্মিক বক্তৃতা, নৃত্য, গীত আদি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ অন্তত বিশিষ্ট সমাজকৰ্মী আব্দুল মালিক,জনিয়াৰ জ্যেষ্ঠ সাংবাদিক মইনুল হক চৌধুৰী,সচেতন যুৱক ছিদ্দিক আলী,আই জি এচ এচ এচৰ বিষয়-ববীয়া সকলৰ উপস্থিতিত সফলতা অৰ্জন কৰা প্ৰতিযোগীৰ মাজত বঁটা বিতৰণ কৰে ।