বৰ্তমানৰ চৰকাৰখনৰ ১০০ দিনীয়া কাৰ্যকালত সামগ্ৰিক বিকাশৰ ধাৰাই নতুন গতি লাভ কৰিছেঃ সংবাদমেলত উপায়ুক্ত
দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ২০ আগষ্ট : ৰাজ্যৰ অন্যান্য জিলাৰ লগতে গোলাঘাট জিলাতো বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ ১০০ দিন সম্পূৰ্ণ হোৱা উপলক্ষে আজি জিলা সদৰ গোলাঘাটত এখন সংবাদমেলৰ আয়োজন কৰা হয় । উক্ত সংবাদ মেলত অপৰাধী আৰু অপৰাধমূলক কাৰ্যকলাপৰ তথ্য প্ৰশাসনক অৱগত কৰিলে পৰিচয় গোপনে ৰখাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে উপায়ুক্ত গৰাকীয়ে ৷ গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত , উপায়ুক্ত শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱাই সম্বোধন কৰা সংবাদমেলতে অসম চৰকাৰে প্ৰকাশ কৰা “অনিৰুদ্ধ যাত্ৰাৰ ১০০ টা দিন” শীৰ্ষক পুস্তিকাখনি আনুষ্ঠানিকভাৱে উপস্থিত গণ্য মান্য ব্যক্তি তথা সাংবাদিক-সংবাদকৰ্মী সকলৰ মাজত বিতৰণ কৰা হয় । পুস্তিকাখনৰ আৰম্ভণিতে “সমৃদ্ধিশালী ভবিষ্যতৰ ভেটি নিৰ্মাণৰ ১০০ দিন” শীৰ্ষক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এটি প্ৰৱন্ধ প্ৰকাশ কৰা হৈছে । উপায়ুক্ত গৰাকীয়ে ১০০ টা দিনত ৰাজ্য চৰকাৰখনে বিভিন্ন ক্ষেত্ৰত কৰা উন্নয়নমূলক কাৰ্যকলাপ আৰু এই উন্নয়নী যাত্ৰা অব্যাহত ৰখাৰ ক্ষেত্ৰত ৰাইজৰ সহায়-সহযোগিতা কামনা কৰে । তেওঁ কয় যে , বৰ্তমানৰ চৰকাৰখনে উন্নয়নৰ গতি তৰান্বিত কৰাৰ বাবে যি ব্যৱস্থা লৈছে , তাৰ দ্বাৰা ৰাজ্যখন এটা সামগ্ৰিক বিকাশৰ দিশে অগ্ৰসৰ হৈছে । লগতে প্ৰশাসনিক দিশত স্বচ্ছতাৰ মাপকাঠি ভালেখিনি উন্নত হৈছে । তেওঁ পৰিৱৰ্তিত সময়ৰ সৈতে মিলাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনৰ উন্নয়নী গতিক আৰু অধিক বল দিয়াৰ বাবে সকলো বিষয়া-কৰ্মচাৰীক দায়বদ্ধভাৱে কাম কৰিবলৈ আহ্বান জনায় । আনহাতে , গোলাঘাট জিলাৰ উন্নয়নৰ গতি সন্দৰ্ভত তেওঁ গোলাঘাট চিকিৎসা মহাবিদ্যালয় আৰু সতী সাধনী বিশ্ববিদ্যালয়ৰ প্ৰাৰম্ভিক কাম ভালেখিনি আগবাঢ়িছে বুলি উল্লেখ কৰে । ধোদৰ আলি আৰু পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথ দুটাৰ উন্নীতকৰণৰ বাবে অতি সোনকালেই ভূমি অধিগ্ৰহণৰ যাৱতীয় কাম আৰম্ভ হ’ব বুলিও তেওঁ কয় । তেওঁ কয় যে , নুমলীগড় শোধনাগাৰৰ শোধন ক্ষমতা ৯ মিলিয়ন টনলৈ বৃদ্ধিৰ লগতে নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণৰ বাবেও প্ৰকল্প যুগুত কৰা হৈছে । তদুপৰি নুমলীগড় শোধনাগাৰৰ বাঁহৰ পৰা প্ৰস্তুত কৰা ইথানল প্ৰকল্প ২০২৩ চনত কাৰ্যক্ষম হ’ব বুলি তেওঁ প্ৰকাশ কৰে । আনহাতে , চাহ উৎপাদনৰ ক্ষেত্ৰত চাহৰ মানৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে বুলি তেওঁ কয় । উপায়ুক্ত গৰাকীয়ে কয় যে , চৰকাৰখনে ১০০ টা দিনত সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাট জিলাখনৰ বাবে ভালেখিনি ব্যৱস্থা গ্ৰহণ কৰিছে । তেওঁ গোলাঘাট জিলাৰ বিভিন্ন ঠাইত হাতী-মানুহৰ সংঘাত আৰু বান্দৰৰ উপদ্ৰৱ ৰোধৰ ক্ষেত্ৰত ৰাইজৰ সহযোগত ফলপ্ৰসূ আঁচনি প্ৰস্তুত কৰিব লাগিব বুলি মত প্ৰকাশ কৰে । তেওঁ কয় যে , হাতীৰ বাবে খাদ্যৰ বিশেষ কৰিড’ৰ স্থাপন কৰিব পাৰিলে এই সমস্যা ৰোধ কৰিব পৰা যাব বুলি আশা কৰিব পাৰি । উপায়ুক্ত গৰাকীয়ে চাহ বাগিচা অঞ্চলত স্বাস্থ্যজনিত সমস্যা ৰোধ কৰাৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ বিভিন্ন ছাত্ৰ সংগঠন আৰু সংবাদ মাধ্যমৰ সহযোগিতা কামনা কৰে । প্ৰসংগক্ৰমে তেওঁ কয় যে , মুখ্যমন্ত্ৰী ডাঙৰীয়াই অপৰাধ আৰু অপৰাধীক কোনোপধ্যে প্ৰশ্ৰয় নিদিবলৈ দিয়া নিৰ্দেশৰ ওপৰত ভিত্তি কৰি গোলাঘাট জিলাতো ড্ৰাগছ , লালিগুড় , চুলাই মদ আদিৰ বিৰুদ্ধে কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ কৰা হৈছে । তেওঁ সংবাদ মাধ্যমক অপৰাধমূলক কাৰ্যকলাপৰ তথ্য থাকিলে প্ৰশাসনক অৱগত কৰিবলৈ আহ্বান জনায় আৰু এনে তথ্য দিয়া লোকৰ পৰিচয় গোপনে ৰখা হ’ব বুলি মন্তব্য কৰে । আনহাতে , নাগালেণ্ডৰ সৈতে থকা জিলাখনৰ সীমান্ত সন্দৰ্ভত তেওঁ কয় যে , সীমান্তত শান্তি-শৃংখলা অটুট ৰখাৰ বাবে দুয়ো পক্ষই প্ৰৰোচনামূলক কাৰ্যকলাপৰ পৰা বিৰত থাকিব আৰু কোনো সমস্যাৰ উদ্ভৱ হ’লে স্থানীয় পৰ্যায়তে সমাধান কৰাৰ চেষ্টা কৰা হ’ব । আন্তঃৰাজ্যিক অপৰাধ ৰোধ কৰাৰ বাবেও দুয়োপক্ষ সহমতত উপনীত হৈছে বুলি তেওঁ কয় । ইফালে , জিলাখনৰ ক’ভিড পৰিস্থিতিৰ উন্নতি হোৱাক লৈ তেওঁ সন্তুষ্টি প্ৰকাশ কৰে । লগতে অহা এক চেপ্তেম্বৰত নতুন SOP ৰ ফালৰ পৰাও আন্তঃজিলাৰ ক্ষেত্ৰত সকাহ আশা কৰে ৷ তেওঁ লগতে সৰুপথাৰ অঞ্চলত মোবাইল টাৱাৰ স্থাপন , বাট-পথৰ উন্নয়ন আদিৰ বাবেও ভালেমান পদক্ষেপ লোৱা হৈছে বুলি উল্লেখ কৰে । সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে , জিলাখনৰ দাবীডুবিত থকা অগৰু বাণিজ্য কেন্দ্ৰটো অচিৰেই পুনৰ কাৰ্যক্ষম হ’ব । আনহাতে , নগৰ খনৰ নলা নৰ্দমা আদিৰ ফলত নগৰ অঞ্চলত কৃটিম বাণৰ সমস্যা তথা হাতী মানুহৰ সংঘাতৰ ক্ষেত্ৰত বৃক্ষৰোপন কৰি আশ্ৰয় স্থল সৃষ্টি আৰু বান্দৰৰ উৎপাত আদি সমস্যা , ডামপিং গ্ৰাউণ্ড তথা ধনশিৰি আৰু দয়াং নদীৰ পৰা অবৈধ ভাৱে খনন আদিৰ ওপৰতো জ্যেষ্ঠ সাংবাদিক তথা জ্যেষ্ঠ নাগৰিকে গঠনমূলক পৰামৰ্শ আগবঢ়ায় বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া , গোলাঘাটৰ পৰা জানিব পৰা গৈছে ৷