শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ গৃহ জিলাত নিৰাপত্তা বিহীন ছাত্ৰী , ফাৰ্ষ্টটেক আদালতৰ জৰিয়তে শাস্তিৰ দাবী ছাত্ৰ নেতা ৰুদ্ৰ ভূঞাঁৰ , দোষীক শাস্তিৰ দাবীত প্ৰতিবাদী সমদল মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ
দুৰ্নীতিৰ দৰ্পণ সেৱা , বিকাশ শইকীয়া , চিলাপথাৰ , ২২ আগষ্টঃ শনিবাৰে দিন দুপৰতে ধেমাজিত দুগৰাকী কলেজীয়া ছাত্ৰীৰ ওপৰত হোৱা আক্ৰমণকাৰীক কঠোৰ শাস্তিৰ দাবীত আজি মৰিধল মহাবিদ্যালয়ৰ চৌহদত এক প্ৰতিবাদী সমদলেৰে উত্তাল কৰি তোলে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ছাত্ৰ সমাজে । উল্লেখ্য যে , চলিত মাহৰ ২১ তাৰিখে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ অধ্যয়নৰত দুগৰাকী ছাত্ৰী ক্ৰমে নন্দিতা শইকীয়া আৰু কাশ্মিনা দত্তই মহাবিদ্যালয়ৰ পৰা পৰীক্ষা দি ধেমাজিৰ ৰাজ্যিক বাছ আস্থানৰ সন্মুখ পাওঁতেই মহাবিদ্যালয় খনৰে কৰ্মচাৰী ৰিন্টু শৰ্মা নামৰ পাষণ্ড টোৱে হঠাৎ ছাত্ৰী দুগৰাকীৰ ওপৰত জপিয়াই পৰি নৃশংসভাৱে দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলাই আৰু গুৰুত্বভাৱে আহত কৰে ছাত্ৰী দুগৰাকীক । ধেমাজি জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখতে সংঘটিত হোৱা এই বৰ্বৰ আক্ৰমণৰ ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ জিলাখনত । ৰাজ্যখনৰ স্বয়ং শিক্ষামন্ত্ৰী ড০ ৰনোজ পেগুৰ গৃহ জিলাতে কলেজীয়া ছাত্ৰীৰ নিৰাপত্তা নোহোৱাত ক্ষুব্ধ হৈ পৰিছে জিলাখনৰ ছাত্ৰ সমাজ । মহাবিদ্যালয়ৰ কৰ্মচাৰী তথা মানৱৰূপী দানব পাষণ্ড ৰিন্টু শৰ্মাক কোঠোৰত্তমৰ পৰা কঠোৰ শাস্তিৰ দাবীত আজি মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে জিলাখনৰ বিভিন্ন ছাত্ৰ সমাজৰ সহযোগত মহাবিদ্যালয়খনৰ চৌহদৰ পৰা ৰূপায়ন কৰা হয় এক প্ৰতিবাদী সমদল । ৰিন্টু শৰ্মাক ফাঁচি দিয়ক , ৰিন্টু শৰ্মাক চাকৰীৰ পৰা বৰ্খাস্ত কৰক , ছাত্ৰ সমাজ জাগিছে জাগিবই আদি শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী সকলে । একেদৰে প্ৰতিবাদস্হলীত ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ৰুদ্ৰ ভূঞাঁই অংশগ্ৰহণ কৰি কয় যে , শিক্ষামন্ত্ৰীৰ নিজৰ সমষ্টিতে যি ছাত্ৰীৰ ওপৰত আক্ৰমণ চলিল , সেইয়া অতি দুৰ্ভাগ্য জনক বিষয় । এনে ঘটনাক তীব্ৰ ধিক্কাৰ-গৰিহণা দিয়াৰ লগতে ছাত্ৰ নেতা জনে দাবী উখাৎপন কৰি কয় -ছাত্ৰী দুগৰাকীৰ ওপৰত পাষণ্ড ৰিন্টু শৰ্মাক যি বৰ্বৰ আক্ৰমণ চলালে , সেইয়া কেৱল সাধাৰণ ন্যায়ৰ জৰিয়তে শাস্তি প্ৰদান কৰিলে নহ’ব । ফাৰ্ষ্টটেক আদালতৰ জৰিয়তে ন্যায়ৰ ব্যৱস্থা কৰাৰ দাবী জনায় ছাত্ৰ নেতা জনে । ঠিক একেদৰে ছাত্ৰী দুগৰাকীৰ পৰিয়ালৰ লোকেও আক্ৰমণকাৰী ৰিন্টু শৰ্মাক কোঠোৰত্তমৰ পৰা কঠোৰ শাস্তিৰ দিয়াৰ দাবী জানাইছে প্ৰশাসনৰ ওচৰত ।