কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অএনজিচি অসম সম্পদৰ নাজিৰা খণ্ড আৰু নাথাকিব বুলি ঘোষণা কৰাৰ পাছতেই ক্ষোভৰ জুই জ্বলিছে নাজিৰাত
দুৰ্নীতিৰ দৰ্পণ সেৱা , নাজিৰা , নয়নমণি ফুকন , ২৪ আগষ্টঃ অএনজিচি অসম সম্পদৰ নাজিৰা খণ্ড অইলক গতাই দিয়াৰ কুচ কাৱাজ আৰম্ভ হোৱা বুলি জানিব পৰাৰ পাছতেই গৰজি উঠিছে একাধিক দল সংগঠন । আজি অএনজিচিৰ অসম সম্পদৰ নাজিৰা কাৰ্যালয়ৰ সন্মুখত শিৱসাগৰ জিলা ছাত্ৰ সন্থাই দুঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । অএনজিচি অসম সম্পদক অইলক গতাই দিয়া কাৰ্য্য কোনো কাৰণতে সহ্য কৰা নহব বুলি আছুৱে সদৰী কৰে । ইফালে , প্ৰতিবাদ স্থলীত অএনজিচিৰ এজন বিষয়াই আছুকৰ্মী সকলক দুঃব্যৱহাৰ কৰাক লৈ তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হয় । ইফালে , বীৰ লাচিত সেনাৰ শৃংখল চলিহাৰ নেতৃত্বত অৰ্দ্ধশতাধিক কৰ্মীয়ে অসম সম্পদৰ নাজিৰা মূখ্য কাৰ্যালয়ৰ সন্মুখত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।