অসম আৰু নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত অসম নাগালেণ্ডৰ প্ৰশাসনিক বিষয়াৰ মাজত সম্প্ৰীতি মূলক ক্ৰিকেট প্ৰতিযোগিতা
দুৰ্নীতিৰ দৰ্পণ , সৰুপথাৰ, ২৭ আগষ্টঃ অসম আৰু চুবুৰীয়া ৰাজ্য নগালেণ্ড সীমান্তৰ প্ৰতিবেশী গাওঁ সমূহত বসবাস কৰি থকা জনসাধাৰণৰ মাজত সদায় যাতে শান্তি সম্প্ৰীতি অটুট ৰাখিব পাৰে , তাৰ উদ্দেশ্যে আগত ৰাখি আজি অসম আৰু নগালেণ্ড দুয়োখন ৰাজ্যৰ চৰকাৰী প্ৰশাসনিক বিষয়া সকলৰ মাজত ধনশিৰি মহকুমাৰ সীমান্তৰ বি’ চেক্টৰ য়ামফা বস্তিত এক বন্ধুত্ব মূলক ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হয় । অসম আৰু নগালেণ্ড উভয় ৰাজ্যৰ স্থানীয় ৰাইজৰ উপস্থিতিত প্ৰশাসনিক বিষয়া সকলৰ মাজত অনুষ্ঠিত হয় উক্ত ক্ৰিকেট প্রতিযোগিতা । চি আৰ পি এফৰ ১৫৫ নং কোম্পানীৰ উদ্যোগত দিনৰ প্ৰায় ১১ বজাত অনুষ্ঠিত হয় উক্ত বন্ধুত্ব মূলক ক্ৰিকেট প্ৰতিযোগিতা । উক্ত অনুষ্ঠানত চি আৰ পি এফৰ ডি আই জি হনুমন্ত সিং ৰাৱাত,১৫৫ নং কোম্পানীৰ চি আৰ পি এফৰ কামাণ্ডেণ্ট মুকেশ তিয়াগী , ধনশিৰি মহকুমাৰ মহকুমাধিপতি জাভীৰ ৰাহুল সুৰেশ,নগালেণ্ডৰ ৰালান মহকুমাৰ মহকুমাধিপতি মেভজাং জামিৰ, ধনশিৰি মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞা , ধনশিৰি মহকুমাৰ সীমান্ত দণ্ডাধীশ প্ৰাঞ্জিল গগৈ,নগালেণ্ডৰ নিউলেণ্ড মহকুমাৰ সীমান্ত দণ্ডাধীশ এমলী জোংলা,চুঙাজান,ৰালান আৰু নিউলেণ্ড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সকল উপস্থিত থাকে । উক্ত ক্ৰিকেট প্ৰতিযোগিতাত দুয়ো ৰাজ্যৰ প্ৰশাসনিক বিষয়া সকলে অংশ গ্ৰহণ কৰে । খেলৰ অন্তত প্ৰতিযোগিতাত পাৰদৰ্শিতা দেখুৱা খেলুৱৈ সকলক পুৰস্কাৰ প্ৰদান কৰা হয় । উল্লেখ্য যে,উক্ত বন্ধুত্ব মূলক ক্ৰিকেট প্ৰতিযোগিতাৰ পূৰ্বে অসম আৰু নগালেণ্ড দুই ৰাজ্যৰ প্ৰশাসনিক বিষয়া সকলৰ মাজত এক বৈঠক অনুষ্ঠিত হয় ।