নগৰবেৰাৰ একাধিক গাঁও বানপানীৰ কবলত, ৰাজপথৰ ওপৰেদি পানী

203

নগৰবেৰাৰ একাধিক গাঁও বানপানীৰ কবলত, ৰাজপথৰ ওপৰেদি পানী

দুৰ্নীতিৰ দৰ্পণ সেৱা, নগৰবেৰা, ২৯ আগষ্টঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত মন্দিৰা এন চি, মালিবাৰী, ধামাপাৰা, নিচলামাৰী, ডেকাচাং আদি কৰি একাধিক গাঁও বানপানীৰ কবলত।বৃহত্তৰ নগৰবেৰা অঞ্চলতো প্লাৱিত হৈছে একাধিক গাঁও ,ৰাজপথ।ৰাজপথ জলমগ্ন হোৱাত ৰাইজৰ যাতায়ত বিপৰ্যয় নমাৰ সমান্তৰালকৈ চৰণীয়া পথাৰ প্লাৱিত হোৱাত পোহনীয়া জীৱকুলৰো হৈছে ভীষণ খাদ্য সংকট।মন্দিৰা- মালিবাৰী গড়কাপ্তানি পকী পথ পানীৰ তলত ,স্থলপথেৰে বিশ্চিন্ন হৈ পৰিছে যাতায়ত।অঞ্চলটোৰ ধামাপাৰা ,মন্দিৰা এন চি , নিচলামাৰী, মালিবাৰী, ডেকাচাং আদি কৰি একাধিক গাঁৱত চলিছে ভাদমহীয়া বানপানীৰ তাণ্ডৱ । আনহাতে , নাঁৱেৰে আহযাহ কৰি দুৰ্ঘটনাত পতিত হৈছে বহুলোক ,বিস্তৃৰ্ন কৃষিভুমিও বানৰ কবলত ,হাহাকাৰ লাগিছে সংশ্লিষ্ট অঞ্চলবোৰত।এইমুহুৰ্তলৈ বৰ্নাত্যৰ কোনেও খা-খৱৰ নকৰা বাবেহে বিমৰ্ষ হৈ পৰিছে বানাক্ৰান্ত ৰাইজ । প্ৰশাসনলৈ উদ্ধাৰ আৰু মানুহ-পশু উভয়কে খাদ্য সামগ্ৰী যোগান ধৰাৰ দাবী বন্যাৰ্তৰ।