হৰি নামে মুখৰিত দেৰগাঁৱৰ ঐতিহ্যমণ্ডিত ভিক্ষাৰীৰ কৃষ্ণ মন্দিৰ, দিনযোৰা কাৰ্যসূচীৰে শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী পালন
দুৰ্নীতিৰ দৰ্পণ সেৱা , দেৰগাঁও,৩০ আগষ্টঃ ক’ৰনা সৃষ্ট পৰিৱেশৰ মাজতেই আজি হিন্দুধৰ্মাৱলম্বী লোক সকলে ভগৱান শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী পালন কৰিছে । অন্যান্য অঞ্চলৰ লগতে দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ ডুবিগাঁওস্থিত ঐতিহ্যমণ্ডিত ভিক্ষাৰীৰ কৃষ্ণ মন্দিৰৰ প্ৰাংগনতো দিনযোৰা কাৰ্যসূচীৰে শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয় । এই উপলক্ষে পুৱাৰে পৰা মিছিং জনগোষ্ঠীয় অঞ্চলটিত উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰে । হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে অঞ্চলটোৰ আকাশ বতাহ । দুৰদুৰনীৰ ভক্তৰ লানি নিচিগা সোঁত বয় ঐতিহ্যমণ্ডিত মন্দিৰ ভাগিলৈ । শৰাই নৈবদ্য আগবঢ়াই সকলোৱে সেৱা জনাই আশীষ বিচাৰে অদৃশ্য জনৰ ওচৰত । উল্লেখ্য যে,মিচিং জনগোষ্ঠীৰ লোকসকলৰ মাজত অৱস্থিত এই মন্দিৰ ভাগিত প্ৰতি বছৰে কৃষ্ণৰ জন্মাষ্টমী,মহাপুৰুষ মাধৱদেৱ আৰু শংকৰদেৱৰ তিথি,শংকৰ জন্মোৎসৱ পালন কৰি আহিছে । এই লোকসকলে শংকৰদেৱৰ আদৰ্শক আগবঢ়াই নিছে । জ্যেষ্ঠ সকলৰ উপৰিও কণ কণ সকলেও নাগাৰা নাম পৰিৱেশন,খোলবাদ্য প্ৰদৰ্শন কৰাৰ লগতে ঘোষা, কীৰ্ত্তনৰ জ্ঞান আহৰণ কৰি অঞ্চলটিৰ শংকৰী কৃষ্টিক জীয়াই ৰাখিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে । ভিক্ষাৰীৰ কৃষ্ণ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি উমেশ্বৰ পাও আৰু অনিল আহোমে আজিৰ কাৰ্যসূচী সাফল্য মণ্ডিত কৰি তোলাৰ বাবে সদৌটি ভক্তপ্ৰাণ ৰাইজৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে ।