আফগানিস্তানৰ পৰা বিদায় ললে অন্তিম গৰাকী আমেৰিকান সৈন্যই

0
220

আফগানিস্তানৰ পৰা বিদায় ললে অন্তিম গৰাকী আমেৰিকান সৈন্যই

ষ্টাফ ৰিপৰ্টাৰ,দুৰ্নীতিৰ দৰ্পণ,৩১আগষ্টঃ৩০ আগষ্টত আফগানিস্তানৰ কাবুল বিমান বন্দৰৰ পৰা আমেৰিকাৰ অন্তিমখন চি-১৭ বিমানে উৰা মৰাৰ লগে লগে আফগানিস্তানত আমেৰিকাৰ সৈন্য অভিযানৰ আনুষ্ঠানিকভাৱে সামৰণি পৰে।উল্লেখযোগ্য যে, তালিবানে আফগানিস্তানৰ পৰা আমেৰিকা সৈন্য সম্পুৰ্ণৰূপে প্ৰত্যাহাৰ কৰাৰ বাবে ৩১ আগষ্ট অন্তিম সময়সীমা বান্ধি দিছিল।কাবুল বিমান বন্দৰৰ পৰা আমেৰিকান সৈন্যই বিদায় লোৱাৰ পাছতে তালিবানে শূন্যলৈ গুলীবৰ্ষণ কৰি আনন্দ-উল্লাস প্ৰদৰ্শন কৰে।আমেৰকাই দেশখনৰ পৰা বিদায় লোৱাৰ পাছতে তালিবানে আফগানিস্তানৰ নাগৰিক সকলক এই বিজয়ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।“আমি আমেৰিকা আৰু অন্যান্য ৰাষ্ট্ৰসমূহৰ সৈতে সু-সম্পৰ্ক বিচাৰো। আমি সকলো ৰাষ্ট্ৰৰ সৈতে ভাল কূটনৈতিক সম্পৰ্কক স্বাগতম জনাইছো,” তালিবানে এইদৰে উল্লেখ কৰে।উল্লেখযোগ্য যে, আফগানিস্তানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ২০ বছৰীয়া সামৰিক অভিযানত ২৪০০ অধিক আমেৰিকান সৈন্য আৰু নাগৰিকৰ মৃত্যু হৈছিল।১৫ আগষ্টত তালিবানে কাবুল দখল কৰাৰ পাছতে বিভিন্ন দেশে আফগানিস্তানত আৱদ্ধ নিজ দেশৰ নাগৰিক সকলক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰে।আমেৰিকাই ১৫ আগষ্টৰ পৰা ৩০ আগষ্টলৈ চলা এই উদ্ধাৰ অভিযানত মুঠ ১,২৩,০০০ গৰাকী লোকক উদ্ধাৰ কৰে।আমেৰিকাই আমেৰিকান নাগৰিকৰ লগতে দেশ এৰিবলৈ বিচৰা আফগান নাগৰিক আৰু অন্য দেশৰ নাগৰিককো উদ্ধাৰ কৰে।উল্লেখযোগ্য যে, আমেৰিকাত ২০০১ চনত সংঘটিত হোৱা ৯/১১ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে আমেৰিকাই আফগানিস্তান আক্ৰমণ কৰিছিল।আফগানিস্তানত আক্ৰমণৰ পাছৰে পৰা আমেৰকাই যুদ্ধ আৰু আফগানিস্তান চৰকাৰৰ সহায়ৰ বাবে ২.২৬ ট্ৰিলিয়ন ডলাৰৰো অধিক ধনৰ ব্যয় কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here