পাগলাহাট গাঁও পঞ্চায়তৰ উপ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী ৰমেশ চন্দ্ৰ ৰায়ৰ জয়লাভ

428
পাগলাহাট গাঁও পঞ্চায়তৰ উপ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী ৰমেশ চন্দ্ৰ ৰায়ৰ জয়লাভ
দুৰ্নীতিৰ দৰ্পণ সেৱা, তামাৰহাট , ৩১ মে:-  ৭০ নম্বৰ পাগলাহাট গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে অনুষ্ঠিত হৈ যোৱা ভোট গ্ৰহণৰ  আজি ঘোষিত ফলাফলত বি জে পি দলৰ প্ৰাৰ্থী ৰমেশ চ্ন্দ্ৰ ৰায়ে নিকটতম্ প্ৰতিদ্বন্দ্বী ইনামুল হকক ৭২৯ টা ভোটৰ ব্যাৱধানত পৰাজিত কৰি  জয় লাভ কৰিবলৈ সক্ষম হয় । উল্লেখযোগ্য যে ধুবুৰী জিলাৰ ৭০ নম্বৰ পাগলাহাট গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে যোৱা ২৯ মে’ৰ দিনা অনুষ্ঠিত হৈ যোৱা উপ  নিৰ্বাচনত বি জে পি দলৰ পৰা ৰমেশ চন্দ্ৰ ৰায়, কংগ্ৰেছ দলৰ পৰা ইনামুল হক, আৰু এ আই ইউ ডি এফ দলৰ পৰা গোলাম মোস্তাফা বেপাৰীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল । গাঁও পঞ্চায়ত খনৰ মুঠ ৯৭৫৪ গৰকী ভোটাৰৰ ভিতৰত ৭৪৬৪ গৰাকী ভোটাৰে ভোট দান কৰিছিল । ইয়াৰ ভিতৰত ২৮৪ টা ভোট নাকচ হয় আৰু ৭১৮০ টা ভোট বৈধ বুলি বিবেচিত হয় । আজি ঘোষিত ফলাফলত বিজেপি দলৰ প্ৰাৰ্থী ৰমেশ চন্দ্ৰ ৰায়ে লাভ কৰে ৩৬৭০ টা, কংগ্ৰেছ দলৰ প্ৰাৰ্থী ইনামুল হকে লাভ কৰে ২৯৪১ টা ভোট আৰু এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী গোলাম মোস্তাফা বেপাৰীয়ে লাভ কৰে ৫৬৯ টা ভোট । উল্লেখ্য যে অনিয়মৰ অভিযোগত পাগলাহাট গাঁও পঞ্চায়তৰ পূৰ্বৰ সভাপতি ছোহৰাফ আলী শ্বেখে সভাপতি পদৰ পৰা অপসাৰিত হোৱাত উক্ত পদৰ বাবে যোৱা ২৯ মে’ৰ দিনা পঞ্চায়ত খনত উপ নিৰ্বাচন অনুষ্ঠিত হয় ।