শিৱসাগৰ জিলাৰ মথাউৰি আৰু গৰাখহনীয়াৰ কবলত পৰা স্থানসমূহ পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ
দুৰ্নীতিৰ দৰ্পণ,ষ্টাফ ৰিপৰ্টাৰ,অমৃত কুমাৰ শৰ্মাঃ অসম চৰকাৰৰ জলসম্পদ,তথ্য-জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই শিৱসাগৰ জিলাত উপস্থিত হৈ জিলাখনৰ বিভিন্ন স্থানৰ মথাউৰি আৰু গৰাখহনীয়াৰ কবলত পৰা স্থান সমূহ পৰিদৰ্শন কৰাৰ লগতে জিলাখনৰ বান পৰিস্থিতিৰো বুজ লয় । মন্ত্ৰীগৰাকীয়ে থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত শনিবৰীয়া বজাৰৰ মথাউৰিত ব্ৰহ্মপুত্ৰৰ আৰু দিহিং কলঘৰ অঞ্চলত দিহিং নৈৰ গৰাখহনীয়া পৰিদৰ্শন কৰাৰ লগতে বানপানীৰ কবলত পৰা বৰপথাৰৰ আবাসিক অঞ্চল পৰিদৰ্শন কৰে । মন্ত্ৰী গৰাকীয়ে লগতে গৰাখহনীয়াত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত বিভাগীয় বিষয়া সকলক শীঘ্ৰে খহনীয়া প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ দিয়ে । তেওঁ লগতে বানপানীৰ কবলত পৰা লোকসকলৰ বাবে প্ৰয়োজনীয় বান সাহাৰ্য্য ক্ষীপ্ৰতাৰে প্ৰদান কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে । পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজৰ লগত মত-বিনিময় কৰি তেওঁলোকৰ সমস্যা সমূহৰ বিষয়ে বুজ লোৱাৰ লগতে এই সমূহৰ আশু সমাধানৰ বাবে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে । মন্ত্ৰী হাজৰিকাই জিলাখনৰ যিবোৰ স্থান অধিকভাৱে খহনীয়াৰ কবলত পৰিছে , তেনে স্থানসমূহত যুদ্ধকালীন ক্ষীপ্রতাৰে খহনীয়া প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰিবলৈ জলসম্পদ বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে । মন্ত্ৰী গৰাকীৰ এই পৰিদৰ্শন কালত থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক সুশান্ত বৰগোঁহাই আৰু কুশল দুৱৰী,নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ , শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘ নিধি দাহাল,অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগ,জলসম্পদ বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তা পলাশ জ্যোতি গোস্বামী,অধীক্ষক অভিযন্তা প্ৰবীণ ভূঞা,কাৰ্য্যবাহী অভিযন্তা উৎপল মজুমদাৰ আৰু সহকাৰী কাৰ্য্যবাহী অভিযন্তা গীতিমণি হাজৰিকা উপস্থিত থাকে । আনহাতে , মন্ত্ৰী পীযুষ হাজৰিকাই বিজেপিৰ এক সাংগঠনিক সভাতো অংশগ্ৰহণ কৰে ৷ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই শিৱসাগৰ জিলাৰ ডিমৌ ৰাজহুৱা ভৱনত অনুষ্ঠিত বিজেপি শিৱসাগৰ জিলাৰ বিশেষ সাংগঠনিক সভাত উপস্থিত থাকি বিধায়ক অখিল গগৈক ক্ষুৰধাৰ সমালোচনা কৰে ৷