ডবকাত বন বিভাগক মেনেজ কৰি চলিছে অবৈধ শীল,পাহাৰীয়া মাটিৰ চোৰাং ব্যৱসায়
দুৰ্নীতিৰ দৰ্পণ সেৱা,হোজাই,০৪ ছেপ্তেম্বৰঃ হোজাই জিলাৰ ডবকাৰ একাংশ বন বিষয়াৰ চত্ৰচায়াত চলিছে চোৰাং অবৈধ শিল,বালি,পাহৰীয়া মাটিৰ ৰমৰমীয়া ব্যৱসায় ৷ ডবকাৰ ভগীৰাম গাঁৱৰ পাহাৰৰ পৰা বন বিভাগৰ বিষয়া সকলক মেনেজ কৰি চৰকাৰী ৰাজহ আদায় নকৰি নিতৌ ২০০ পৰা ৩০০ গাড়ী চালানবিহীন ভাৱে শীল , পাহাৰীয়া মাটি ভৰ্তি টাটা মবাইল আহে ৷ ডবকাৰ পাহাৰৰ পৰা শিল কঢ়িয়াই অধিকাংশ বাহনৰ নাথাকে বৈধ চালান , নাথাকে কোনো বৈধ নতি-পত্ৰ ৷ কিন্তু নিমাত বন বিভাগ,নিমাত হোজাই DFO ৷ কাৰণ বাহনৰ প্ৰত্যেকটো টিপত বনবিভাগে লাভ কৰে ১০০ ৰ ২০০ টকাকৈ ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ভগীৰামগাৱস্থিত ডবকা পাহাৰত ৪ ৰ পৰা ৫ টাকৈ অবৈধ শীল কোৱেৰী গঢ় লৈ উঠিছে ৷ কিন্তু ৰহস্যজনক ভাৱে বনবিভাগে চকুমুদি বহি থকা পৰিলক্ষিত হৈছে ৷ দেখিও নেদেখাৰ বাঁওজুৰি বহিৰ থকাৰ অভিযোগ বন বিভাগৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ ৷ আজি ডবকাত স্থানীয় ৰাইজে ডবকা পাহাৰৰ পৰা অবৈধভাৱে চালানবিহীন পাহাৰীয়া মাটি কঢ়িওৱা এখন টাটা মবাইল জব্দ কৰি বন বিভাগক খবৰ দিয়ে ৷ কিন্তু ৰহস্যজনকভাৱে বনবিভাগে গাড়ীখন জব্দ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ পৰা বিৰত থকাৰ অভিযোগ উত্থাপন হৈছে ৷ ডবকা মদাৰতলিৰ বিট অফিচাৰ প্ৰণৱ বৰাৰ চত্ৰচায়ত চলিছে এই অবৈধ শীল , পাহাৰীয়া মাটিৰ ৰমৰমীয়া ব্যৱসায় ৷ প্ৰত্যেকটো টিপত বিট অফিচাৰ প্ৰণৱ বৰাই ১০০ ৰ ২০০ টকাকৈ লাভ কৰে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ৷ Attention বন মন্ত্ৰী মহোদয়,পাৰিব নে এইজন বিষয়া জনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৷ আমাৰ এই প্ৰতিবেদনৰ পিছত বন মন্ত্ৰী পৰিমল শোকলবদ্ধ্যই কি ব্যৱস্থা লয় , সেয়া পৰৱৰ্তী সময়ত হব লক্ষনীয় ৷