দক্ষিণ শালমাৰা সমষ্টিৰ গড়কাপ্তানী পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে ৰাইজক

232

দক্ষিণ শালমাৰা সমষ্টিৰ গড়কাপ্তানী পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে ৰাইজক

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, হবিবুৰ ৰহমান , ১০ ছেপ্তেম্বৰঃ ধুবুৰী জিলাৰ দক্ষিণ শালামাৰা সমষ্টিৰ এটা গড়কপ্তানী পথৰ দুৰৱস্থাৰ বাবে জমৰ-যাতনাত ভূগিছে সমষ্টিৰ জনতা ৷ কাণসাৰ নাই গড়কাপ্তানী বিভাগৰ ৷ চকু মুদা কুলিৰ ভাওঁ জুৰি আছে চাৰিবাৰকৈ বিধায়ক হোৱা ৱাজেদ আলি চৌধুৰীৰ লগতে সাংসদ মৌলানা বদৰ উদ্দিন আজমলে ৷ স্থানীয় ৰাইজে বিধায়ক ৱাজেদ আলী চৌধুৰীৰ লগতে সাংসদ মৌলানা বদৰ উদ্দিন আজমল আৰু শাসনাধিষ্ট চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈছে সমষ্টি বাসী ৷ উল্লেখ্য যে , চতলাৰপাৰ মাটিফাটাৰ পাৰঘাটৰ পৰা শালকাটালৈকে যোৱা পথচুৱা দীৰ্ঘদিন ধৰি জহি-খহি গৈছে ৷ কিন্তু চকু মুদা কুলিৰ ভাওঁ জুৰিছে চাৰিবাৰৰ বিধায়ক ওৱাজেদ আলী চৌধুৰী আৰু সাংসদ বদৰুদ্দিন আজমলে ৷ যি সময়ত বিজেপি চৰকাৰখনে ৰাস্তাৰ নামত লাখ-লাখ , কোটি-কোটি টকা আৱন্টন দি আছে , তেনে সময়তে কিন্তু দক্ষিণ শালমাৰাৰ ৰাইজে জৰাজীৰ্ণ পথৰ বাবে জমৰ-যাতনাৰে যাতায়ত কৰিবলগীয়া হৈছে ৷ উল্লেখিত পথেৰে প্ৰতিদিনে হাজাৰ হাজাৰ পথচাৰীয়ে অসমৰ বিভিন্ন ঠাইলৈ আৰু চুবুৰীয়া ৰাজ্য মেঘালয়লৈ যাতায়ত কৰে ৷ পথৰ দুৰৱস্থাৰ পিনে লক্ষ্য কৰি স্থানীয় ৰাইজে বহুবাৰ ঠিকাদাৰক জনাইছিল আৰু স্থানীয় বিধায়ক,সাংসদক ফোন কৰি জনাই বিফল হোৱাত স্থানীয় ৰাইজৰ লগতে পথচাৰীয়ে ক্ষুব্দ হৈ প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হয় ৷ অৱশেষত স্থানীয় ৰাইজৰ লগত পথচাৰীয়ে বিভাগীয় উৰ্দ্ধতম বিষয়াৰ লগতে বিভাগীয় মন্ত্ৰীৰ দৃষ্টিগোচৰ কৰাৰ বাবে সংবাদ মাধ্যমৰ কাষ চাপে ৷ দক্ষিণ শালমাৰা বাসী ৰাইজৰ প্ৰতি বিধায়ক,সাংসদ তথা বিভাগীয় মন্ত্ৰীয়ে কিমানদুৰ সহাঁৰি জনায় , সেয়া পৰৱৰ্তী সময়ত হব লক্ষনীয় ৷