আশ্ৰাফ গনিয়ে আফগান জনতাৰ ওচৰত ক্ষমা খুজিলে ক্ষমা

173

আশ্ৰাফ গনিয়ে আফগান জনতাৰ ওচৰত ক্ষমা খুজিলে ক্ষমা

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ, ১১ ছেপ্তেম্বৰঃ তালিবান বাহিনীয়ে আফগানিস্তান দখল কৰাৰ পিছত দেশৰ তৎকালীন ৰাষ্ট্ৰপতি আশ্ৰাফ গনিয়ে দেশৰ পৰা পলায়ন কৰাৰ বাবে ক্ষমা বিচাৰিছে। তেওঁ বৰ্তমান সংযুক্ত আৰব আমিৰাতৰ আশ্রয়ত আছে। গত ১৫ আগষ্টত তালিবানৰ হাতত আফগানিস্তানৰ ৰাজধানী কাবুলৰ পতন হয়। তালিবানে কাবুল দখল কৰাৰ পিচত দেশখনৰ তেতিয়াৰ ৰাষ্ট্ৰপতি আশ্ৰাফ গনি আফগানিস্তানৰ পৰা পলায়ন কৰিছিল। যোৱা বুধবাৰে টুইটাৰত শ্বেয়াৰ কৰা এক বিবৃতিত গনিয়ে কয় যে তেওঁৰ জীৱনৰ আটাইতকৈ কঠিন সিদ্ধান্ত হৈছে দেশৰ পৰা পলাই যোৱা। তেওঁ য়াৰ বাবে দুখ প্ৰকাশ কৰি কয় যে হিংসাৰ প্ৰচলন এৰাই চলিবলৈ তেওঁ দেশ এৰি যোৱাৰ বাহিৰে তেওঁৰ কোনো উপায় নাছিল। গনিয়ে দাবী কৰে যে, তেওঁ ৰাষ্ট্ৰপতিৰ প্ৰাসাদত নিৰাপত্তা দলৰ পৰামৰ্শ অনুসৰি আফগানিস্তান ত্যাগ কৰে। কাবুল আৰু ইয়াৰ ৬০ লাখ লোকক বচাবলৈ তেওঁ তেনে কৰিছে। তেওঁ কয় যে তেওঁ আফগানিস্তানক “গণতান্ত্ৰিক, উন্নত আৰু সাৰ্বভৌম ৰাষ্ট্ৰ” হিচাপে গঢ়ি তুলিবলৈ ২০ বছৰ ধৰি কাম কৰিছিল। ৭২ বছৰীয়া গনিয়ে কয় যে তেওঁ পূৰ্বসূৰীসকলৰ দৰে তেওঁৰ অধ্যায়ৰ পৰিসমাপ্তি ঘটায় তেওঁ গভীৰভাৱে দুখিত। গনিয়ে ১৮ আগষ্টত ফেচবুক লাইভত কৈছিল যে তেওঁ তেওঁৰ নিৰাপত্তা বাহিনীৰ “চাপত” দেশ এৰিবলৈ বাধ্য হৈছিল। কাৰণ তেওঁৰ গ্ৰেপ্তাৰ কৰি হত্যা কৰাৰ আশংকা আছিল। তেওঁ কয় যে, “যেতিয়া তালিবানসকলে ৰাষ্ট্ৰপতিৰ প্ৰাসাদত প্ৰৱেশ কৰে আৰু তেওঁলোকে গৈ মোক প্ৰতিটো কোঠাত বিচাৰিব লয়”। কিন্তু তেওঁ দেশৰ পৰা পলায়ন কৰাৰ সময়ত যথেষ্ট ধন লগত লৈ যোৱাৰ অভিযোগ অস্বীকাৰ কৰে। তেওঁ কয় যে, ‘ মোক মোৰ চেন্দেল খুলি জোতা পিন্ধাৰো সুযোগ দিয়া হোৱা নাছিল। অভিযোগ মতে, গনি দেশ এৰাৰ সময়ত ১২ কোটি ৩০ লাখ ডলাৰৰ সম্পদ লগত লৈ যায়।