সোনতলীৰ ৰঙাপানীত চৰকাৰী বিদ্যালয়ৰ ভূমি বেদখল
দুৰ্নীতিৰ দৰ্পণ সেৱা, স্বাহ স্বাহিন জামান আহমেদ, নগৰবেৰা, ১৭ আগষ্টঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ ছমৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত ৩ নং দক্ষিণ ৰঙাপানী বালিকা প্ৰাথমিক বিদ্যালয়ৰ ভূমি বেদখল । যিসময়ত চৰকাৰে চৰকাৰী ভূমি বেদখলকাৰীক বিভিন্ন ঠাইত উচ্ছেদ কৰি বেদখল মুক্ত কৰি আছে , ঠিক তেনে সময়তে ৩ নং দক্ষিণ ৰঙাপানী বালিকা প্ৰাথমিক বিদ্যালয়ৰ ভূমি বেদখল কৰি বেদখলকাৰীয়ে দপদপাই আছে । জানিব পৰা মতে , বিদ্যালয় খনৰ প্ৰধান শিক্ষক ওমৰ আলীৰ নিজ ভতিজা ফুলচান আলী আৰু স্বাহ কামাল উদ্দিনে বিদ্যালয় খনৰ মাটি বেদখল কৰি আছে । ৩ নং দক্ষিণ ৰঙাপানী বালিকা প্ৰাথমিক বিদ্যালয়ৰ নামত দুই বিঘা এক কাঠা ১৭ লেচা মটি থকা সত্ত্বেও বিদ্যালয়ৰ ছাত্র- ছাত্রীয়ে খেল ধেমালি কৰাৰ বাবে পৰ্যাপ্ত পৰিমানৰ খেল পথাৰ নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰে । বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নিজ ভতিজা বিদ্যালয়ৰ মাটি বেদখল কৰি ঘৰ সাজি বসবাস কৰি আছে । স্থানীয় ৰাইজে ৩ নং দক্ষিণ ৰঙাপানী বালিকা প্ৰাথমিক বিদ্যালয়ৰ ভূমি বেদখলকাৰীক উচ্ছেদৰ বাবে ছমৰীয়া ৰাজহ চক্ৰ বিষয়াক লিখিত অভিযোগ দিয়ে । শনিবাৰৰ দিনা নাট মণ্ডল পুতুল মজুমদাৰে বিদ্যালয়ত উপস্থিত হৈ তদন্ত কৰিলে বিদ্যালয়ৰ ভূমি । অভিযোগ মতে , বিদ্যালয়ৰ ভূমিত চৰকাৰী আৱাস যোজনাৰ ঘৰ পৰ্যন্ত সাজি লৈছে বেদখলকাৰীয়ে । এতিয়া প্ৰশ্ন হয় , বেদখল মুক্ত হবনে ৩ নং দক্ষিণ ৰঙাপানী বালিকা প্ৰাথমিক বিদ্যালয়ৰ ভূমি । শীঘ্রে বেদখলকাৰীৰ কবলৰ পৰা বিদ্যালয়ৰ ভূমি বেদখল মুক্ত কৰিবলৈ দাবী জনায় স্থানীয় ৰাইজে ।