উপায়ুক্ত অনুপম চৌধুৰীৰ লামডিংস্থিত বালুনালা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ পৰিদৰ্শন

177

উপায়ুক্ত অনুপম চৌধুৰীৰ লামডিংস্থিত বালুনালা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ পৰিদৰ্শন

জমিৰউদ্দিন তালুকদাৰ, ডবকা , ১৫ ছেপ্টেম্বৰঃ আজি হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰীয়ে লামডিং সমষ্টিৰ অন্তৰ্গত বালুনালা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত উপস্থিত হৈ কেন্দ্ৰটো পৰিদৰ্শন কৰাৰ লগতে স্বাস্থ্য কৰ্মীসকলৰ লগত অহা ১৭ ছেপ্টেম্বৰত অনুষ্ঠিত হবলগীয়া ব্যাপক ক’ভিড- ১৯ টীকাকৰণ অভিযান সন্দৰ্ভত মত বিনিময় কৰি উপায়ুক্ত গৰাকীয়ে টীকাকৰণ অভিযান সফলভাবে পৰিচলানা কৰিবলৈ নিৰ্দেশ দিয়ে ৷ পৰিদৰ্শন কালত উপায়ুক্ত মহোদয়ৰ লগত অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱা আৰু স্বাস্থ্য বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে ৷