নগৰবেৰা ৰাজহ চক্ৰ বিষয়াক স্মাৰকপত্ৰ প্ৰদান, দক্ষিণ কামৰূপ জিলা সংখ্যালঘু ছাত্র ইউনিয়নৰ

0
216

নগৰবেৰা ৰাজহ চক্ৰ বিষয়াক স্মাৰকপত্ৰ প্ৰদান, দক্ষিণ কামৰূপ জিলা সংখ্যালঘু ছাত্র ইউনিয়নৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা, নগৰবেৰাঃ ১৫ ছেপ্তেম্বৰঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰা ৰাজহ চক্ৰ আৰু নগৰবেৰা আৰক্ষী থানা এলেকাৰ অধীনস্থ বৃহত্তৰ টুপামাৰী অঞ্চলত বিভিন্ন স্থানত মদ ,জুৱা ,নিচাজাতীয় সামগ্ৰী আদি বন্ধ কৰাৰ দাবীৰে আজি দক্ষিণ কামৰূপ জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়ন(আমছু)ৰ নিজা পেড ব্যৱহাৰ কৰি নগৰবেৰা ৰাজহ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ বনশ্ৰী মালাকাৰৰ হাতত এক স্মাৰকপত্ৰ প্ৰদান কৰে ছাত্ৰ সংগঠনৰ নেতৃবৃন্দই। স্মাৰকপত্ৰত উল্লেখ থকা অনুসৰি অঞ্চলটোৰ ভিন্ন স্থানত দিনকদিনে নিচাজাতীয় দ্ৰৱ্য(ক’ফ চিৰাপ) ,মদ ,জুৱা আদিৰ প্ৰচলন দ্ৰুত গতিত বৃদ্ধি পোৱাত অঞ্চলজুৰি এক অস্থিৰ আৰু উশৃঙ্খল পৰিৱেশৰ সৃষ্টি হৈছে, সামাজিক পৰিবেশ বিনষ্ট হোৱাৰ লগতে বৃহত্তৰ অঞ্চলটোৰ একাংশ তিলতিলকৈ ধ্বংসৰ গৰাহলৈ গতি কৰিছে। টুপামাৰী বজাৰৰ একাংশ অসাধু ব্যৱসায়ীয়ে চিকিৎসকৰ প্ৰেছক্ৰিপচন’ অবিহনেই বিক্ৰী কৰা অবৈধ নিচাজাতীয় দ্ৰৱ্য(ক’ফ চিৰাপ) সেৱণ কৰি ইতিমধ্যেই কেবাগৰাকীকৈ ছাত্ৰই অকাল মৃত্যুক আকোঁৱালি লোৱা বুলিও স্মাৰকপত্ৰত উল্লেখ। নিচাজাতীয় সামগ্ৰী বন্ধৰ সমান্তৰালকৈ NRC প্ৰক্ৰিয়াৰ সময়ত যিসকল ব্যক্তিয়ে Biometric দিছিল তেওলোক আধাৰ কাৰ্ডৰ বাবে বাৰে বাৰে আবেদন কৰাৰ পাছতো আধাৰ কাৰ্ড পোৱা নাই, যিহেতু এইসকল ব্যক্তিৰ অধিকাংশই মহিলা। যাৰ ফলত চৰকাৰীভাৱে দিয়া নিৰ্দেশমতে সমবায় সমিতিৰ ৰেচন কাৰ্ডৰ লগত আধাৰ নম্বৰটো সংযোজন কৰাৰ পৰা বঞ্চিত হৈ হাবাথুৰি খাবলগীয়া হৈছে। আমছু’ৰ নেতৃবৰ্গই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী(NRC)ত অব্যাহত এই বিষয়টো শীঘ্ৰে আঁতৰ কৰাৰ ব্যৱস্থা গ্ৰহণৰ বাবেও স্মাৰকপত্ৰ যোগে ৰাজহ চক্ৰ বিষয়া গৰাকীক দাবী জনায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here