ৰাজ্যত সক্ৰিয় হৈছে গাড়ী চুৰি চক্ৰ
দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, ১৬ ছেপ্টেম্বৰঃ নিচাজাতীয় দ্ৰব্য খুৱাই বাহন চুৰি কৰি দুই দিন ধৰি ঘাইপথত পৰি থাকিল সংজ্ঞাহীন গাড়ী চালক ৷ গাড়ী চালকক বিস্কুটৰ লগত নিচাজাতীয় দ্ৰব্য খুৱাই সংজ্ঞাহীন কৰি ঘাইপথত পেলাই থৈ এখন চাৰিচকীয়া বাহন লুট কৰি নিয়াৰ ঘটনা পোহৰলৈ আহিছে । গুৱাহাটীৰ পৰা লক্ষীমপুৰলৈ ভাড়া কৰি নিয়া গাড়ীখনৰ চালকক লক্ষীমপুৰৰ লালুক অঞ্চলৰ পেট্ৰল পাম্পৰ ওচৰত বিস্কুটৰ লগত নিচাজাতীয় দ্ৰব্য খুৱাই সংজ্ঞাহীন কৰি গাড়ী লৈ উধাও হয় গাড়ী চোৰ চক্ৰ । চালক গৰাকীয়ে অভিযোগ কৰা মতে,এই সংক্ৰান্তত তেওঁ লালুক আৰক্ষীয়ে কোনোধৰণৰ সহায় আগবঢ়োৱা নাছিল । ইতিমধ্যে গাড়ীচোৰৰ বিৰুদ্ধে চি চি কেমেৰাৰ ফুটেজ সংলগ্ন কৰি এজাহাৰ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ভুক্তভোগী চালকজনে অভিযোগ উত্থাপন কৰে । উল্লেখ্য যে , মহানগৰীৰ আমচিং যোৰাবাটৰ বাসিন্দা আইনুল হকে AS 01 LC 8563 নম্বৰৰ গাড়ীখন ক্ৰয় কৰি নিজে গাড়ী চলাই ছয় জনীয়া পৰিয়ালটোক পোহপাল দি আছিল । যোৱা ৪ ছেপ্টেম্বৰত দুজন লোকে আইনুল হকৰ গাড়ীখন জালুকবাৰী আৰক্ষী চকীৰ সন্মুখৰ পৰা লখিমপুৰলৈ ভাড়ালৈ নিয়ে । যদিও, লক্ষীমপুৰৰ লালুক অঞ্চলৰ এটা পেট্ৰল পাম্পত তেল ভৰাবলৈ প্ৰৱেশ কৰি বিভিন্ন অজুহাতত পেট্ৰল পাম্পটোত আধা ঘন্টাৰো অধিক সময় অতিবাহিত কৰে । পেট্ৰল পাম্পৰ সমীপতে গাড়ী চালক জনক দুই দুৰ্বৃত্তই বিস্কুট খাবলৈ দিয়ে । বিস্কুট খোৱাৰ পিছত আইনুল হকে সংজ্ঞাহীন হৈ পৰে আৰু গাড়ীৰ ভিতৰত শুই পৰে । ইয়াৰ পিছত দুৰ্বৃত্তৰ দলটোৱে গাড়ীখন লৈ কিছুদূৰ গৈ ঘাইপথৰ দাঁতিত চালকজনক পেলাই থৈ গাড়ী লৈ উধাও হয় । বিগত দুদিন ধৰি ঘাই পথত সংজ্ঞাহীন অৱস্থাত পৰি থকা চালকজনে ৬ ছেপ্টেম্বৰত সংজ্ঞা ঘূৰাই পাই কোনোমতে লালুক থানাৰ কাষ চাপে । কিন্তু লালুক থানাৰ আৰক্ষীয়ে চালক জনক কোনো গুৰুত্ব প্ৰদান নকৰিলে । উপায়হীন হৈ অৰ্ধচেতন চালকজনে কোনোমতে গুৱাহাটী অভিমুখী এখন বাছত উঠি আমচিং যোৰাবাটৰ নিজ ঘৰলৈ আহে । ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে প্রথমে সাতগাঁও থানাত আৰু পিছত জালুকবাৰী চকীত চি চি টিভিৰ ফুটেজসহ এজাহাৰৰ দাখিল কৰে যদিও আৰক্ষীয়ে এতিয়ালৈকে অপৰাধী আৰু গাড়ীৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই ।