পৰিত্যক্ত গাড়ীয়ে প্ৰাণ কাঢ়িলে ২ শিশুৰ

180

পৰিত্যক্ত গাড়ীয়ে প্ৰাণ কাঢ়িলে ২ শিশুৰ

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ, ১৮ ছেপ্টেম্বৰঃ পৰিত্যক্ত গাড়ীত খেলাই হ’ল কাল। বন্ধ গাড়ীৰ ভিতৰত সোমাই খেলি থকাৰ সময়তে শ্বাসৰুদ্ধ হৈ দুটা শিশুৰ মৃত্যু ঘটে। এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে মুৰ্ছিদাবাদৰ হৰিহৰপাৰাত। খবৰ অনুসৰি মুৰ্ছিদাবাদৰ হৰিহৰপাৰাৰ তালতালাপাৰাৰ বাসিন্দা ইছমাইল শ্বেখ (৬) আৰু ইজৰাইল শ্বেখ (৫)য়ে আন দিনাৰ দৰেই শুকুৰবাৰে আবেলি লগৰিয়াৰ সৈতে খেলি আছিল। খেলৰ সময়ত সেই স্থানত ৰখাই থোৱা এখন পৰিত্যক্ত গাড়ীত দুয়োজন প্ৰৱেশ কৰে। কিন্তু হঠাৎ সেই গাড়ীখনৰ দুৱাৰখন বন্ধ হৈ যায়। বহু চেষ্টাৰ পিছতো তেওঁলোকে দুৱাৰখন খুলিব নোৱাৰিলে। যাৰ বাবে তেওঁলোকে উশাহ লোৱাত কষ্ট পাই মৃত্যুক সাৱতি লয়। এই ঘটনাটোক লৈ দুয়োটা পৰিয়ালৰে লোকসকল স্বাভাৱিকতে ভাগি পৰিছে। ইফালে কি কাৰণত গাড়ীখন তাত ৰাখি থোৱা হৈছিল আৰু দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হৈছিল, তাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।