নগাঁৱত আমছুৰ “ঘৰে ঘৰ শিক্ষা,তেতিয়াহে ৰক্ষা” শীৰ্ষক মাণ্ডলিক সভাত ৰেজাউল কৰিম চৰকাৰ
“সংখ্যালঘু সকলক বাদ দি এখন বৃহত্তৰ অসমীয়া সমাজ গঠন কৰিব নোৱাৰি” , শিক্ষা-সমাজ সেৱাৰ লগত জৰিত সাত গৰাকী মহিলাক সম্বৰ্ধনা
দুৰ্নীতিৰ দৰ্পণ সেৱা ,ৱাহিদুদ জামান , নগাঁও , ১৮ ছেপ্টেম্বৰ : সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে গ্ৰহণ কৰা “ঘৰে ঘৰে শিক্ষা,তেতিয়াহে ৰক্ষা” শীৰ্ষক কাৰ্যসূচীৰ অংশ হিচাপে আজি নগাঁও চহৰৰ এলফিনিষ্টন সভা গৃহত এখন মাণ্ডলিক সভা অনুষ্ঠিত হয় । আমছুৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু মৰিগাঁও, হোজাই, কলিয়াবৰ আৰু কাৰ্বি আংলং জিলাৰ সহযোগত অনুষ্ঠিত এই মাণ্ডলিক সভাত সংখ্যালঘু ছাত্র সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰে অংশগ্ৰহণ কৰি কয় , “ৰাজ্যৰ এটা অন্যতম সৰ্ব বৃহৎ জনগোষ্ঠী হৈছে ধৰ্মীয় সংখ্যালঘু সকল । এই লোক সকলক বাদ দি এখন বৃহত্তৰ অসমীয়া সমাজ চিন্তা কৰিব নোৱাৰি ।” তেওঁ লগতে কয়,’সংখ্যালঘু সকল সৰ্ব দিশত পিছপৰা । বিশেষকৈ ৰাজনৈতিক , অৰ্থনৈতিক,সামাজিক,সাংস্কৃতিক আদি সকলো দিশতে পিছপৰি থকাৰ মুল কাৰণটোৱেই হৈছে শিক্ষা । এই জনগোষ্ঠীটো শিক্ষাৰ দিশত পিছপৰি থকাৰ বাবে স্বাধীনতাৰ পিছৰে পৰা যিমান চৰকাৰ গঠন হৈছে প্ৰায় সকলোৱে জনগোষ্ঠীটোক প্ৰতাৰণা কৰি আহিছে । বিভিন্ন সময়ত এই জনগোষ্ঠীৰ লোক সকল লাঞ্চনা আৰু বঞ্চনাৰ বলি হৈ আহিছে । সেয়ে এই জনগোষ্ঠীটো যাতে ৰাজ্যৰ আন আন জাতি-জনগোষ্ঠীৰ লগত ফেৰ মাৰিব পাৰে , তাৰ বাবে সংখ্যালঘু সকলক শিক্ষাৰ দিশত আগুৱাই লৈ যাবলৈ আমছু উদ্যোগত “ঘৰে ঘৰে শিক্ষা,তেতিয়াহে ৰক্ষা” নামৰ এক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । সভাত ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই কয়,”সকলো সমস্যাৰ মুলতে হ’ল শিক্ষা । যেতিয়াই মানুহ সু-শিক্ষাৰে শিক্ষিত হ’ব , তেতিয়াই সকলো সমস্যাই আপুনি আপুনি সমাধান হ’ব । সংখ্যালঘু সকল একমাত্ৰ শিক্ষাৰ অভাৱৰ বাবেই বহু পিছপৰি আছে । বিধায়ক গৰাকীয়ে শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা কেতবোৰ নীতিক সমালোচনা কৰি কয়,সৰ্বশিক্ষাৰ নিয়ম অনুসৰি শিক্ষানুষ্ঠান সমুহত ৩০:১ অনুপাত অনুসৰি শিক্ষক থাকিব লাগে । কিন্তু ৰাজ্যৰ অধিকাংশ বিদ্যালয়তে এই অনুপাত নাই । সভাত আমছুৰ মুখ্য উপদেষ্টা তথা অধিবক্তা আইনুদ্দিন আহমেদে সংখ্যালঘু সমাজৰ পৰা বাল্য বিবাহ ৰোধ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ভাষণ আগবঢ়ায় । উক্ত সভাতেই শিক্ষা আৰু সমাজ সেৱাৰ লগত জড়িত থকা সাত গৰাকী বিশিষ্ট মহিলাক সম্বৰ্ধনা জনোৱা হয় । তেওঁলোক হ’ল নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড: অমিয়া পাটৰ , হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ ইউভাৰচিটিৰ সহকাৰী অধ্যাপিকা জয়িতা দাস,কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপিকা গিতাঞ্জলী পাংগিং গাম , মৰিগাঁও আদালতৰ চৰকাৰী অধিবক্তা তথা সমাজ সেৱিকা অলকানন্দা কাকতি,শিক্ষয়িত্ৰী জুলি কান্দুলনা , নগাঁৱৰ বিশিষ্ট সমাজ সেৱিকা আনোৱাৰা খাতুন,হোজাইৰ বিশিষ্ট অধিবক্তা ৰুহিনা ওৱাৰিছ চৌধুৰী । আমছুৰ কেন্দ্ৰীয় উপ সভাপতি মোশ্বাৰফ হুছেইন কবিৰে সঞ্চালনা কৰা সভাত আমছুৰ সাধাৰণ সম্পাদক মিনন্নাতুল ইছলাম,উপ সভাপতি সাকিল আহমেদকে ধৰি বহু কেইগৰাকী কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকে ।