নগৰবেৰাৰ টুপামাৰীত কাঠৰ ফুটব্ৰীজ নিৰ্মাণত পঞ্চায়ত প্ৰতিনিধিয়ে সংঘটিত কৰা দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজে অভিযোগ দিয়াৰ পাছতেই গা লৰিল বিষয়া-কৰ্মচাৰীৰ
দুৰ্নীতিৰ দৰ্পণ সেৱা, নগৰবেৰাঃ ১৮ ছেপ্টেম্বৰ ঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত নগৰবেৰাৰ ৪৫ নং টুপামাৰী গাঁও পঞ্চায়তৰ ২ নং টুপামাৰীত এখন কাঠৰ ফুটব্ৰীজ নিৰ্মানৰ কামত পঞ্চায়ত প্ৰতিনিধিয়ে ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত কৰি এখন লিখিত অভিযোগ দাখিল কৰে যদিও বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে ৰাইজে। ৰাইজৰ অভিযোগ অনুসৰি ৪৫ নং টুপামাৰী গাঁও পঞ্চায়তৰ ২ নং টুপামাৰীত চতুৰ্দশ বিত্তীয় ২০১৮-১৯ বৰ্ষৰ ৭০৫৯০৬ টকা এখন কাঠৰ ফুট ব্ৰীজ নিৰ্মাণৰ বাবে চৰকাৰে আৱন্টন দিছিল। পিছে পঞ্চায়ত সভানেত্ৰী জুবেদা হানুনৰ তত্বাৱধানত কাঠৰ দলং নিৰ্মাণ কাৰ্যত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলে স্থানীয় ৰাইজে। পিছত অভিযোগ দিয়াত ৰাইজৰ দাবীৰ ওচৰত সেও মানি শুক্ৰবাৰে ছমৰীয়া উন্নয়ন খণ্ডৰ সহ অভিযন্তা ফুটব্ৰীজ থলীত উপস্থিত হৈ হাতত ফিতা লৈ জোখ মাপ কৰি দুৰ্নীতি আৰু অনিয়মৰ চৰজমিন তদন্ত কৰে। তদন্তৰ যোগেদি ফাদিল হল ৰাইজৰ অভিযোগৰ সত্যাসত্যতা। দলং খনত ব্যৱহাৰ কৰা নিম্নমানৰ সকলো কাঠ সলনি কৰি পুনৰ দলং খন ভালকৈ নিৰ্মাণ কৰিব বুলি অভিযন্তা গৰাকীয়ে অভিযোগকাৰী ৰাইজক আশ্বাস প্ৰদান কৰে। পিছে চৰকাৰী আঁচনিৰ সিংহ ভাগ ধন গোগ্ৰাসে গিলি মদমত্ত হোৱা চতুৰ পঞ্চায়ত সভানেত্ৰী জুবেদা হানুনৰ বিৰুদ্ধে কিবা ব্যৱস্থা লবনে সংশ্লিষ্ট বিভাগৰ বিষয়া সকলে সেয়া সময়েহে হব লক্ষণীয়।