বিশ্বৰ প্রভাৱশালী ব্যক্তিৰ তালিকাত শীৰ্ষত মোদী
ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ, ১৮ ছেপ্টেম্বৰঃ প্রসিদ্ধ টাইম মেগাজিনৰ ‘বিশ্বৰ ১০০ সবাতোকৈ প্রভাৱশালী ব্যক্তি ২০২১’ৰ তালিকাত স্থান লাভ কৰিছে প্রধানমন্ত্রীসহ তিনি ভাৰতীয়ই ৷ বৃহস্পতিবাৰে ঘোষিত টাইম মেগাজিনৰ প্রভাৱশালী ব্যক্তিৰ তালিকাত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী , পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জী আৰু এছ আই আইৰ চি ই অ’ আদৰ পুনাৱালাই স্থান লাভ কৰিছে ৷ বাটকটীয়া , নেতা , শিল্পী , আইকন , টাইটান আৰু উদ্ভাৱকৰ ৬ টা শিতানত প্রস্তুত কৰা টাইম মেগাজিনৰ ২০২১ বর্ষৰ তালিকাত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে স্থান লাভ কৰাই নহয় , স্বাধীনতাৰ পাছত ভাৰতৰ তিনি মুখ্য ব্যক্তিৰ ভিতৰত অন্যতম হিচাপে স্বীকৃতি দিছে ৷ প্রধানমন্ত্রী মোদীক স্বাধীন ভাৰতৰ প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীৰ সৈতে তিনি মুখ্য ব্যক্তিৰ স্থান দি এই তালিকাত অন্তর্ভুক্ত কৰিছে ৷ চি এন এনৰ সাংবাদিক ফাৰিদ জাকাৰিয়াই টাইম মেগাজিনত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ জীৱনপঞ্জী লিখিছে ৷ এই লেখাত ৭০ বছৰীয়া মোদীক স্বাধীন ভাৰতৰ ৰাজনীতিত জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীৰ দৰেই ভাৰতীয় ৰাজনীতিক দমন কৰা বুলি উল্লেখ কৰিছে ৷ উল্লেখ্য যে , ক’ভিড–১৯ ৰ মোকাবিলা কৰাৰ ক্ষেত্রত প্রধানমন্ত্রী মোদী সমালোচিত হ’লেও তেওঁৰ জনপ্রিয়তা এতিয়াও শীর্ষতে আছে বুলি সাংবাদিক গৰাকীয়ে প্রকাশ কৰিছে ৷ আনপিনে , প্রভাৱশালী ব্যক্তিৰ তালিকাত স্থান লাভ কৰা পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীৰ বিষয়ে লিখিছে সাংবাদিক বর্ষা দত্তই ৷ আলোচনীখনত মমতা বেনার্জীক ভাৰতীয় ৰাজনীতিৰ নির্ভীক মুখ বুলি আখ্যা দিয়া হৈছে ৷ সাংবাদিক দত্তই লিখা মতে , ৬৬ বছৰীয়া বেনার্জীয়ে কৈছিল– তৃণমূল কংগ্রেছক তেওঁ নেতৃত্ব নিদিয়ে ৷ তেৱেঁই দল ৷ পথৰ যুঁজাৰুৰ দৰে উদ্যম আৰু নিজাকৈ ৰাজনীতিত প্রতিষ্ঠা কৰিবলৈ সক্ষম ৷ তালিকাখনত মমতা বেনার্জীক প্রভাৱশালী নেতা হিচাপে স্থান দিয়া হৈছে ৷ তদুপৰি এই তালিকাত স্থান লাভ কৰিছে ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া (এছ আই আই)ৰ চি ই অ’ আদৰ পুনাৱালাই ৷ অভিশ্যান্ত কিডনাগুৰে এছ আই আইৰ চি ই অ’ পুনাৱালাৰ বিষয়ে আলোচনীখনত লিখিছে ৷ টাইম মেগাজিনৰ বাটকটীয়া শিতানত আদৰ পুনাৱালাক স্থান দিয়া হৈছে ৷ উল্লেখ্য যে , এছ আই আইৰ চি ই অ’ আদৰ পুনাৱালাই তেওঁৰ কোম্পানীৰ দ্বাৰা বিকশিত ক’ভিড–১৯ ভেকচিন ক’ভিশ্বিল্ড ২০২১ বর্ষৰ শেষলৈকে বিশ্বৰ উন্নয়নশীল দেশসমূহৰ কাৰণে ১.১ বিলিয়ন ভেকচিন ড’জ উৎপাদন কৰি যোগানৰ প্রতিশ্রুতি দিছিল ৷ তিনি ভাৰতীয়ৰ লগতে এই তালিকাত স্থান লাভ কৰিছে আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেন আৰু উপ–ৰাষ্ট্রপতি কমলা হেৰিছ, চীনৰ ৰাষ্ট্রপতি ঝি জিনপিং , আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প , প্রিন্স হেৰি আৰু মেগন , ইজৰাইলৰ প্রধানমন্ত্রী নাফটালি বেনেট , টেছলাৰ চি ই অ’ এলন মাস্ক , জাপানৰ টেনিছ তাৰকা নাওমি অ’ছাকা , পপ ষ্টাৰ ব্রিটনি স্পেয়ার্ছ , হলীউড অভিনেত্রী কেট উইন্ছলেট আদিয়ে।