গোলাঘাটত অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ প্ৰতিনিধি সভা

246

গোলাঘাটত অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ প্ৰতিনিধি সভা

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ১৯ চেপ্তেম্বৰ : অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদে,গোলাঘাট জিলা অসম যুৱ পৰিষদৰ প্ৰতিনিধি সভা অনুষ্ঠিত কৰে জিলা পুথিভঁৰালত । গোলাঘাট জিলাৰ পাঁচোটা বিধান সভা সমষ্টি পৰা প্ৰতিনিধিত্ব কৰে যুৱ পৰিষদৰ সদস্য সকলে । প্ৰতিনিধি সভাৰ লগত সংগতি ৰাখি এখনি সাধাৰণ সভা অনুষ্ঠিত হয় । উক্ত সভাখনৰ সভাপতিত্ব কৰে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতি উপ-সভাপতি ড০ নিপেন বৰুৱাই । এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত আছিল অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সভাপতি তথা অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা,অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতি সম্পাদক নুৰুল চুলতান,অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতি সভাপতি জিতু বৰগোহাঁই,সম্পাদক ৰিছিকেশ শৰ্মা,কেন্দ্ৰীয় ছাত্ৰ পৰিষদৰ সভাপতি টিনয়ন বৰুৱা,গোলাঘাট জিলা অসম গণ পৰিষদৰ সম্পাদক আছিকুৰ ৰহমান আৰু দল বিষয় ববীয়া আৰু কৰ্ম কৰ্তা সকল উপস্থিত থাকে । মন্ত্ৰী অতুল বৰাই যুৱ পৰিষদৰ যি অৱদান সেই অৱদানক সন্মান জনাই আৰু ভৱিষ্যত দিনত আৰু শক্তিশালী ৰূপত নৱ নিৰ্বাচিত সমিতিক কাম কাজ কৰিব বাবে অনুৰোধ জনায় । আজি যুৱ পৰিষদৰ গোলাঘাট জিলা নৱগঠিত সমিতি খনৰ সভাপতি পদৰ দাৰিত্ৰ দিয়ে পুলিন বৰা,উপ-সভাপতি জিতু দাস,ৰানা প্ৰতাপ দুৱৰা , সম্পাদকৰ পার্থ প্ৰতিম ফুকন, দীপাংকৰ হাজৰিকা , সহ কাৰী সম্পাদক দীপক দত্ত, ৰশ্মি ৰেখা নাথ , মিলন জ্যোতি খাটনিয়া লৈ এখনি পূৰ্ণাঙ্গ সমিতি গঠন কৰে ।