বৰপেটাত ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনীৰ প্ৰক্ৰিয়া আৰম্ভ

216

বৰপেটাত ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনীৰ প্ৰক্ৰিয়া আৰম্ভ

ষ্টাফ ৰিপৰ্টাৰ , হাউলী, ২০ ছেপ্টেম্বৰ: দেশৰ অন্যান্য অংশৰ লগতে বৰপেটা জিলাতো ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ কাম আৰম্ভ কৰা হৈছে। অহা এক জানুৱাৰীত ১৮ বছৰ সম্পূৰ্ণ কৰিব লগা নবীন ভোটাৰ সকলে নিজৰ নাম সন্নিবিষ্ট কৰাৰ বাবে আবেদন কৰাৰ লগতে ভোটাৰ তালিকাত থকা নাম, ঠিকনা বা ফটো আদিৰ সংশোধনীৰ বাবেও নিৰ্দিষ্ট প্ৰপত্ৰত আবেদন কৰিব পাৰিব। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি কয় যে, অহা ৩১ অক্টোবৰৰ ভিতৰত এনে আবেদন ডোট গ্ৰহণ কেন্দ্ৰ বিষয়া অথবা চক্ৰ বিষয়া সকলৰ হাতত জমা দিব লাগিব। ইয়াৰ আধাৰত এক নৱেম্বৰত সংশোধিত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰা হ’ব। খচৰা তালিকা সম্পৰ্কত দাবী আৰু আপত্তি ৩০ নৱেম্বৰলৈ গ্ৰহণ কৰা হ’ব। চূড়ান্ত ভোটাৰ তালিকা অহা ৫ জানুৱাৰীত প্ৰকাশ কৰা হ’ব। এই সম্পৰ্কত আলোচনাৰ বাবে যোৱা শণিবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। সভাত অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠক, ভাৰপ্ৰাপ্ত নিৰ্বাচন বিষয়া নিমাশ্ৰী ডাউকা আৰু চক্ৰ বিষয়া সকল উপস্থিত থাকে। জিলা উপায়ুক্ত‌ই চক্ৰ বিষয়া সকলক সংশোধনীৰ প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰি তুলিবলৈ আহ্বান জনায় তাৰ বাবে অতিৰিক্ত কৰ্মচাৰী যোগান ধৰা হ’ব বুলি উল্লেখ কৰে। যথাসম্ভৱ কাৰ্যালয়ৰ অচল হৈ থকা কম্পিউটাৰ সমূহ মেৰামতিৰে নিৰ্বাচনৰ কাম চলাই নিয়াৰো তেওঁ পৰামৰ্শ দিয়ে।