মানকাচৰত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা
দুৰ্নীতিৰ দৰ্পণ সেৱা , মানকাচৰ , ২২ ছেপ্তেম্বৰ : সোমবাৰে নিশা দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ দীপচৰত চোৰাং গৰু বাংলাদেশলৈ সৰবৰাহ কৰাৰ সময়ত সীমান্তত পহৰা দি থকা সীমান্ত সুৰক্ষা বাহিনীয়ে বাধা দিয়াৰ পাছত সীমান্ত সুৰক্ষা বাহিনীৰ লগত চোৰাং গৰু ব্যৱসায়ীৰ লগত হতাহতি হোৱাৰ পিছত সীমান্ত সুৰক্ষা বাহিনীয়ে চোৰাং গৰু ব্যৱসায়িক গুলিয়াই নিহত কৰে । এনে এক ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পিছতো মানকাচৰৰ বিভিন্ন ঠাইত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা । আজি পুৱতি নিশাৰ পৰাই মানকাচৰৰ অসম মেঘালয় সীমান্ত মুঞ্জৰীত কালাপানী আৰক্ষী চকীৰ উপ পৰিদৰ্শক জয়ন্ত ৰাজখোৱাৰ নেতৃত্বত অভিযান চলায় । কেইবাদিনৰ পৰা পাহাৰীয়া অঞ্চলৰ মাজেৰে চোৰাং গৰুৰ বেহা ব্যাপক ভাৱে বৃদ্ধি পাবলৈ ধৰিছে । আজি পুৱতি নিশাই জয়ন্ত ৰাজখোৱাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে চোৰাং গৰুৰ বেপাৰীক খেদি খেদি লৈ যায় যদিও মেঘালয়ৰ মাজেৰে সোমাই যায় যদিও তিনিটা কৈ চোৰাং গৰু এৰি থৈ যায় । কালাপানী আৰক্ষীয়ে পিছত তিনিটা চোৰাং গৰু জব্দ কৰি কালাপানী আৰক্ষী চকীত লৈ আহে । মনকৰিবলগীয়া কথা যে , চোৰাং গৰুৰ বেপাৰীয়ে মেঘালয়ৰ মাজত সোমাই যোৱাৰ পিছত কোনো এজন বেপাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ।