মাণিকপুৰত চিপিআই (এম)ৰ অৱস্থান ধৰ্মঘট , ১০ দফীয়া দাবীৰে মুখ্যমন্ত্ৰী লৈ স্মাৰকপত্ৰ প্ৰেৰণ

259

মাণিকপুৰত চিপিআই (এম)ৰ অৱস্থান ধৰ্মঘট , ১০ দফীয়া দাবীৰে মুখ্যমন্ত্ৰী লৈ স্মাৰকপত্ৰ প্ৰেৰণ

দুৰ্নীতিৰ দৰ্পণ,মাণিকপুৰ , ২৩ চেপ্টেম্বৰঃ বঙাইগাঁও জিলাৰ মাণিকপুৰত বৃহস্পতিবাৰে চি পি আই (এম)ৰ মাণিকপুৰ আঞ্চলিক সমিতিৰ উদ্দোগত বিভিন্ন দাবীৰে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । আজি দুপৰীয়া চি পি আই(এম)ৰ মাণিকপুৰ আঞ্চলিক সমিতিৰ প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে মাণিকপুৰ বজাৰ গৃহত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে ধৰ্মঘট স্থলীৰ পৰা সমদল উলিয়াই জন বিৰোধী আৰু সৰ্বক্ষেত্ৰত ব্যৰ্থ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি মাণিকপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ত উপস্থিত হৈ খাদ্য সামগ্ৰী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা , আয়কৰৰ আওতাত নপৰা সকলো পৰিয়ালকে চাউল , দাইল, আটা, চেনীৰ টোপোলা যোগান ধৰা, লকডাউনত বিপৰ্যস্ত হোৱা পৰিয়ালক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা , ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ প্ৰতিস্থানক আৰ্থিক সাহাৰ্য্য আগবঢ়োৱা, বান গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰা , ৰাজহুৱা খণ্ডক বেচৰকাৰী কৰন বন্ধ কৰা , লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ বেচৰকাৰীকৰণৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা , কৃষি বিৰোধী তিনিখন কৃষি আইন বাতিল কৰাকে ধৰি ১০ দফীয়া দাবীৰে মাণিকপুৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে প্ৰতিবাদকাৰী সকলে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।