মাণিকপুৰ ৰাজহ চক্ৰ কাৰ্যালয়লৈ তহচিল কাৰ্যালয় স্থানান্তৰৰ দাবী , উপায়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ মাণিকপুৰ মহকুমা দাবী সমিতিৰ

210

মাণিকপুৰ ৰাজহ চক্ৰ কাৰ্যালয়লৈ তহচিল কাৰ্যালয় স্থানান্তৰৰ দাবী , উপায়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ মাণিকপুৰ মহকুমা দাবী সমিতিৰ

দুৰ্নীতিৰ দৰ্পণ , মাণিকপুৰ, ২৪ চেপ্টেম্বৰঃ বঙাইগাঁও জিলাৰ বৃহত্তৰ মাণিকপুৰবাসী ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আৰু আন্দোলনৰ পৰিসমাপ্তি ঘটাই ঘোষিত মাণিকপুৰ ৰাজহ চক্ৰ কাৰ্যালয়টো বিগত ১৬ আগষ্টত অসম চৰকাৰে মাণিকপুৰত শুভাৰম্ভ কৰাত মাণিকপুৰবাসী ৰাইজে অসম চৰকাৰক ধন্যবাদ জনোৱাৰ লগতে উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছিল । উল্লেখযোগ্য যে , কাৰ্যালয়টো শুভাৰম্ভ হোৱাৰ পিছৰে পৰা ৰাজহ চক্ৰৰ কাম কাজ নিয়মিত ভাৱে চলি আছে যদিও ৰাজহ চক্ৰ কাৰ্যালয়টোৰ অধীনৰ তহচিল বিভাগৰ কাম কাজ এতিয়ালৈকে মাণিকপুৰৰ পৰিৱৰ্তে চিৰাং জিলাৰ বিজনী ৰাজহ চক্ৰৰ তহচিল কাৰ্যালয়তে চলি থকাত মাণিকপুৰবাসী ৰাইজ , ছাত্ৰ ছাত্ৰী সকল হতাশাগ্ৰস্ত হোৱাৰ লগতে বহু অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে । মাণিকপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ পৰা প্ৰয়োজনীয় বিভিন্ন নথিপত্ৰ সংগ্ৰহ কৰিবলৈ খাজানা ৰছিদ প্ৰয়োজন হলে ৰাইজে বিজনী মাণিকপুৰ তাঁতবাতি কঢ়িয়াবলগীয়া হয় । এদিনত হবলগীয়া কামটো দুই তিনি দিনলৈ পিছুৱাই যায় । ৰাইজৰ এই সমস্যা সমূহ দুৰ কৰিবলৈ তহচিল বিভাগৰ কাৰ্য্যালয়টো শীঘ্ৰে মাণিকপুৰলৈ স্থানান্তৰ কৰাৰ বাবে আজি মানিকপুৰ মহকুমা দাবী সমিতিৰ এটি সঁজাতি দলে বঙাইগাঁও জিলাৰ উপায়ুক্ত মহোদয়লৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে । স্মাৰকপত্ৰ গ্ৰহণ কৰি সঁজাতি দলটোক অতিশীঘ্ৰে এই সমস্যাৰ সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে জিলা উপায়ুক্ত গৰাকীয়ে ।