কংগ্ৰেছে মাটি দখলেই নহয়, মানুহ ৰপ্তানি কৰাৰ ষড়যন্ত্ৰ চলাই আছেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, ২৫ ছেপ্টেম্বৰঃ ছিপাঝাৰৰ গৰুখুঁটিৰ কাণ্ডকলৈ ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়া অব্যাহত আছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত স্পষ্টীকৰণ দিয়াৰ লগতে উচ্ছেদ চলিবই বুলি দৃঢ়তাৰে প্ৰকাশ কৰে । শনিবাৰে মুখ্যমন্ত্ৰী গৰাকীক পুনৰ এবাৰ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ’ল । ছিপাঝাৰত উচ্ছেদিত জনতাক কংগ্ৰেছ আৰু এ আই ইউ ডি এফে উচটনি দিয়াৰ অভিযোগ উত্থাপিত কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই কয় যে,ৰাহুল গান্ধীৰ ধাৰণা অসমীয়াক বিদায় দিয়া । কংগ্ৰেছে অসমীয়াৰ কথা শুনা নাই,অসমীয়াক বিদায় দিব বিচাৰিছে । এনেও ১০ বছৰৰ পিছত সাম্প্ৰদায়িকতা হ’বলৈ গৈ আছে । যিখিনি সময় মোক দিছে , তাৰ উচিত ব্যৱহাৰ হ’ব । মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে , ৰাজ্যত এতিয়া কেৱল মাটি দখলেই নহয় , মানুহ ৰপ্তানি দিয়াৰো এক ষড়যন্ত্ৰ চলি আছে । আৰু এই সকলোবোৰ ষড়যন্ত্ৰৰ আঁৰত আছে কংগ্ৰেছ । এইবাৰো বহুত ডাঙৰ পৰিকল্পনা । এতিয়া ছিপাঝাৰ আৰু বৰচলা এই দুটা সমষ্টি টাৰ্গেট হৈছে । এই সকলোবোৰ মাটি দখল কৰা লোক দলগাওঁ আৰু মংগলদৈৰ । ৰাজ্যত মাটি দখলৰ বহুত ডাঙৰ পৰিকল্পনা চলি আছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷