জামুগুৰিহাটৰ ৰঙাচকুৱাত টুপীয়া বালিজুৰী সংযোগী অত্যাধুনিক পথৰ দুয়োপাৰে চাহ খেতিয়ক সন্থাৰ বৃক্ষৰোপন কাৰ্যসূচী সম্পন্ন

191

জামুগুৰিহাটৰ ৰঙাচকুৱাত টুপীয়া বালিজুৰী সংযোগী অত্যাধুনিক পথৰ দুয়োপাৰে চাহ খেতিয়ক সন্থাৰ বৃক্ষৰোপন কাৰ্যসূচী সম্পন্ন

দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ২৬ ছেপ্টেম্বৰঃ দেশৰ ৭৫ তম আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ ৰঙাচকুৱাত ভাৰতীয় চাহ বৰ্ড তেজপুৰ মাণ্ডলিক কাৰ্যালয়ৰ উদ্যোগত এভাৰ গ্ৰীণ ক্ষুদ্ৰ চাহ খেতিয়ক গোট আৰু নদুৱাৰ আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সহযোগত টুপীয়া-বালিজুৰী সংযোগী অত্যাধুনিক পথৰ দুয়োপাৰে প্ৰায় চাৰিশৰো অধিক মূল্যৱান গছৰ লগতে ফল মূল গছৰ পুলি ৰোপন কৰে । বৃক্ষৰোপন কাৰ্যসূচীৰ শুভাৰাম্ভ কৰে তেজপুৰ মাণ্ডলিক কাৰ্যালয়ৰ উন্নয়ন বিষয়া ধিৰাজ শইকীয়াই ৷ বৃক্ষ ৰোপনৰ কাৰ্য্যসুচী শুভাৰাম্ভ কৰি ধিৰাজ শইকীয়াই কয় , “গছ থাকিলেহে মানুহ থাকিব । বৰ্তমান সময়ত যি উৎকট গৰমে ৰাইজক অতিষ্ঠ কৰিছে । তেনে সময়তে আমি সকলোৱে মিলি প্ৰত্যেকেই এজোপা গছ ৰোপনৰ দ্বায়িত্ব লব লাগিব । বৰ্তমান পৰিস্থিতিত এজোপা গছ ৰোপনৰ দ্বায়িত্বই হৈছে আমাৰ দেশৰ ভবিষ্যত ।” উক্ত বৃক্ষৰোপন কাৰ্যসূচীত এভাৰ গ্ৰীণ ক্ষুদ্ৰ চাহ খেতিয়ক গোটৰ সভাপতি ৰাজ কুমাৰ নেৱাৰ, সম্পাদক খগেন ভূঞা আৰু নদুৱাৰ আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি লক্ষীনাথ ভাগৱতি আৰু সম্পাদক নিল কমল নেৱাৰে বৃক্ষৰোপন কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ৷