এ আই ইউ ডি এফ কোনো ৰাজনৈতিক দল নহয় , আজমলৰ ব্যক্তিগত কোম্পানীহেঃ ছিদ্দিক আহমেদ

207

এ আই ইউ ডি এফ কোনো ৰাজনৈতিক দল নহয় , আজমলৰ ব্যক্তিগত কোম্পানীহেঃ ছিদ্দিক আহমেদ

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ২৭ ছেপ্টেম্বৰঃ ছিপাঝাৰৰ ঘটনাৰ পিছৰে পৰা বিৰোধী দল কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত সংঘাত বৃদ্ধি পাইছে । দুয়োটা দলৰ শীৰ্ষ নেতৃত্বৰ মাজত তীব্ৰতৰ হৈছে বাকযুদ্ধ । এইবাৰ এ আই ইউ ডি এফৰ বিৰুদ্ধে সৰৱ হৈছে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ‌ । দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ চাৰিবাৰৰ বিধায়ক ছিদ্দিক আহমেদে এ আই ইউ ডি এফ দলক আজমলৰ ব্যক্তিগত কোম্পানী বুলি আখ্যা দিয়ে । অসমৰ সংখ্যালঘু ৰাইজৰ সংকটময় পৰিস্থিতিৰ বাবে এ আই ইউ ডি এফক দায়ী কৰে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়কগৰাকীয়ে । এ আই ইউ ডি এফৰ পঞ্জীয়ন কৰ্তনৰ দাবীৰ বাবে নিৰ্বাচন আয়োগক দাবী জনায় ছিদ্দিক আহমেদে । ইপিনে , সোমবাৰে ছিদ্দিক আমহেদে এ আই ইউ ডি এফক সমালোচনা কৰাৰ কিছু মুহুৰ্তৰ পিছত এ আই ইউ ডি এফৰ দুগৰাকী বিধায়কেও উভতি ধৰে প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদক । এ আই ইউ ডি এফৰ বিধায়িনী দলৰ নেতা হাফিজ বছিৰ আহমেদ কাছিমী আৰু দলগাঁওৰ বিধায়ক মুজিবুৰ ৰহমানেও তীব্ৰ সমালোচনা কৰে ছিদ্দিক আহমেদ আৰু কংগ্ৰেছ দলক । এ আই ইউ ডি এফ সম্পৰ্কত কটু মন্তব্য নকৰিবলৈ ছিদ্দিক আহমেদক সকীয়াই দিয়ে দলগাঁও সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক মুজিবুৰ ৰহমানে । বিগত নিৰ্বাচনত এ আই ইউ ডি এফৰ লগত মিত্ৰতা নকৰিলে কংগ্ৰেছে দহখন আসনো নাপালে হয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই হাফিজ বছিৰ আহমেদ কাছিমীয়ে । ইফালে , গৰুখুঁটি ঘটনাত ক্ষতিগ্ৰস্ত লোকসকলক উচিত সাহায্য দিয়াৰ লগতে উচ্ছেদিত লোকক বিকল্প ভূমি দিবলৈ চৰকাৰক দাবী জনায় ছিদ্দিক আহমেদে ।