জাতীয় সাংস্কৃতিক ঐক্য মঞ্চ, অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা সম্পন্ন
দুৰ্নীতিৰ দৰ্পণ সেৱা , পংকজ কুমাৰ দাস , পশ্চিম যোৰহাট , ২৭ ছেপ্টেম্বৰ : অসমৰ আগশাৰীৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান “জাতীয় সাংস্কৃতিক ঐক্য মঞ্চ, অসম”ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ সভাখনি যোৰহাটৰ অসম সাহিত্য সভা চৌহদৰ ৰাধাকান্ত সন্দিকৈ ভৱনত যোৱা ইংৰাজী ২৬ ছেপ্টেম্বৰত জাতীয় সাংস্কৃতিক ঐক্য মঞ্চ , অসমৰ সভাপতি বিহুৰাম কলিতাদেৱৰ সভাপতিত্বত অনুষ্ঠিত হয় । জাতীয় সাংস্কৃতিক ঐক্য মঞ্চ , অসম’ৰ প্ৰধান সম্পাদক পুলু দত্তই আঁত ধৰা আঠাইছখন জিলাৰ প্ৰতিনিধিৰে গঠিত উক্ত মঞ্চৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাখনিৰ মঞ্চ উদ্বোধন কৰে অসমৰ চলচ্চিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়ে । বিভিন্ন জিলাৰ পৰা অহা জাতীয় সাংস্কৃতিক ঐক্য মঞ্চ , অসমৰ শিল্পীসকলে সভাপতি বিহুৰাম কলিতাদেৱৰ ৰচনা আৰু পৰিচালনাৰে পৰিৱেশন কৰা মঞ্চৰ সমবেত সংগীতটি সুন্দৰ ভাৱে পৰিৱেশন কৰে । জাতীয় সাংস্কৃতিক ঐক্য মঞ্চ , অসমৰ প্ৰতিস্থাপক সভাপতি বিবেক বৰাৰ মৃত্যুত সভাই গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি এক শোক প্ৰস্তাৱ গ্ৰহণ কৰে । জাতীয় সাংস্কৃতিক ঐক্য মঞ্চ,অসমৰ আদৰণি ভাষণ প্ৰদান কৰে যোৰহাট জিলা সমিতিৰ সম্পাদক তথা কেন্দ্ৰীয় সমিতিৰ অন্যতম সম্পাদক জীৱন চন্দ্ৰ হাজৰিকাই । লগতে যোৰহাট জিলাৰ হৈ জীৱন চন্দ্ৰ হাজৰিকাই অনুষ্ঠানৰ কেন্দ্ৰীয় নেতৃবৰ্গৰ লগতে মঞ্চত উপবিষ্ট সন্মানিত অতিথিসকলক একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনায় ।
অসমৰ পাহাৰ-ভৈয়াম আৰু বৰ লুইতৰ দুয়োপাৰৰ ভিন ভিন প্ৰান্তত সিঁচৰতি হৈ থকা জাতি-জনগোষ্ঠীৰ মেটমৰা সাংস্কৃতিক সম্ভাৰসমূহ সঠিকভাৱে মূল্যায়ন কৰাৰ লক্ষ্যৰে শুদ্ধ ৰূপত পৰিৱেশনৰ এক সূ- নিয়ন্ত্ৰিত ব্যৱস্থাৰ লক্ষ্যৰে গঠন হোৱা জাতীয় সাংস্কৃতিক ঐক্য মঞ্চ,অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ সভাখনিত মঞ্চৰ কৰ্ম আঁচনি প্ৰস্তুত কৰি ইয়াৰ যথাযথ ৰূপায়ণৰ বাবে কাৰ্যপন্থা গ্ৰহণ কৰিবলৈ উক্ত সভাখনিৰ মূল উদ্দেশ্য বুলি উদ্দেশ্য ব্যাখ্যাত উল্লেখ কৰে । জাতীয় সাংস্কৃতিক ঐক্য মঞ্চ,অসমৰ মুখপাত্ৰ বিবিজান দত্তই সভাত মঞ্চৰ কেন্দ্ৰীয় সমিতিয়ে যুগুতোৱা গোহাৰিখন পাঠ কৰে । জাতীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ জন্ম লগ্নৰে পৰা এতিয়ালৈকৈ চলি থকা কাৰ্যসূচীসমূহৰ বৰ্ণনা কৰাৰ উপৰিও অহা বৰ্ষৰ ২০ আৰু ২১ জানুৱাৰীত যোৰহাটত অনুষ্ঠিত হ’ব লগা চতুৰ্থ বাৰ্ষিক প্ৰতিস্থা দিৱসৰ কথা উক্ত গোহাৰিৰ জৰিয়তে তেখেতে সভাত উপস্থিত সকলোকে অৱগত কৰে । জাতীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ চলিত বৰ্ষৰ দহ দফীয়া কৰ্ম আঁচনি পাঠ কৰে মঞ্চৰ মুখ্য প্ৰচাৰ সম্পাদক অচিন্ত্য বৰঠাকুৰে । সভাত সৰ্বসন্মতিক্ৰমে সমিতিৰ পূৰ্ণাংগ সমিতিৰ তালিকাও আনুষ্ঠানিক ভাৱে পাঠ আৰু গৃহীত কৰে । সমজুৱাৰ দুআষাৰত কেন্দ্ৰীয় সমিতিৰ বহুকেইগৰাকী নেতাই নিজৰ নিজৰ বক্তব্য ৰাখে । বক্তব্যৰ শেষত সকলোৰে সৰ্বসন্মতিক্ৰমে ছটা প্ৰস্তাৱ পাঠ আৰু গৃহীত কৰা হয়। তদুপৰি পৰৱৰ্তী বৈঠক কেন্দ্ৰীয় কাৰ্যালয়স্থিত উত্তৰ গুৱাহাটীত অনুষ্ঠিত কৰিবলৈ সভাই সিদ্ধান্ত গ্ৰহণ কৰে । সভাৰ কাৰ্যসূচীৰ মাজত লোক কৃষ্টিৰ আধাৰত আধুনিক নৃত্য পৰিৱেশন কৰে ক্ৰমে যোৰহাটৰ উদীয়মান শিল্পী হিমাদ্ৰী শিখা কাশ্যপ , আলফুল হাজৰিকা আৰু শিৱসাগৰৰ কণমানি শিল্পী বৈশালী কাশ্যপে । অসমৰ লোক কৃষ্টিৰ অন্যতম দৰঙী কৃষ্টিৰ অন্যতম ছিয়া গীত পৰিৱেশন কৰেউপ সভানেত্ৰী দৰঙৰ লাৱন্য মহন্ত চহৰীয়াই । আধূনিক গীত পৰিৱেশন কৰি আমোদ দিয়ে সাংস্কৃতিক সম্পাদিকা মৌচুমী সন্দিকৈ দত্তই । বিহুনাম পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে অসমৰ খ্যাতনামা লোকশিল্পী বাপুজী কোঁৱৰে । সমূহ শিল্পীৰ জাতীয় সংগীত পৰিৱেশনেৰে সামৰণি মৰা উক্ত অনুষ্ঠানটি খুউব নিয়াৰিকৈ সম্পন্ন হোৱাত সভাপতি বিহুৰাম কলিতা , কাৰ্যকৰী সভাপতি কুমুদ নাথ আৰু প্ৰধান সম্পাদক পুলু দত্তই সন্তোষ প্ৰকাশ কৰিছে।সভাপতিৰ মন্তবাৰ পিছতে উপস্থিত সকলোলৈকে শলাগৰ শৰাই আগবঢ়াই যোৰহাট জিলা সমিতিৰ সম্পাদক তথা কেন্দ্ৰীয় অন্যতম সম্পাদক জীৱন চন্দ্ৰ হাজৰিকাই ।