গুৱাহাটীত গ্ৰেপ্তাৰ দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল গুলজাৰ

184

গুৱাহাটীত গ্ৰেপ্তাৰ দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল গুলজাৰ

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ২৮ ছেপ্টেম্বৰঃ গুৱাহাটীত গ্ৰেপ্তাৰ হৈছে দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল । গ্ৰেপ্তাৰ হোৱা লাট মণ্ডল গৰাকীৰ নাম গুলজাৰ হুছেইন ৷ মাটিৰ দালালৰ নাম তালিকাৰ পৰা কৰ্তন কৰাৰ নামত বিচাৰিছিল লাখ লাখ টকা হুছেইন । শোণিতপুৰৰ ঠেলামৰা ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল আছিল গুলজাৰ হুছেইন । গুৱাহাটীৰ ভঙাগড়ত দুৰ্নীতি নিবাৰক শাখাই সোমবাৰে সন্ধিয়া গ্ৰেপ্তাৰ কৰে গুলজাৰক ৷ মাটিৰ দাদালৰ পৰা এইজন গুলজাৰ হুছেইনে বিচাৰিছিল লাখ লাখ টকা । দালালৰ তালিকাৰ পৰা নাম কৰ্তন কৰি দিয়াৰ নামত বিচাৰিছিল ধন।গুৱাহাটীত এই ধনৰ লেনদেন হোৱাৰ কথা আছিল । কিন্তু দুৰ্নীতি নিবাৰকৰ জালত পৰে দুৰ্নীতিগ্ৰস্ত গুলজাৰ হুছেইন ।