ডিব্ৰুগড়ত বিজেপিৰ নাগৰিক সভা

191

ডিব্ৰুগড়ত বিজেপিৰ নাগৰিক সভা

দুৰ্নীতিৰ দৰ্পণ সেৱা , ডিব্ৰুগড় , ২৮ ছেপ্টেম্বৰ : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭১ সংখ্যক জন্মবাৰ্ষিকীৰ উপলক্ষে সেৱা আৰু সমৰ্পন কাৰ্যসূচীৰ লগত সংগতি ৰাখি ডিব্ৰুগড়ৰ হোটেল কেতেকীত অনুষ্ঠিত নাগৰিক সভাত অংশগ্ৰহণ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ। বিজেপিৰ এছ টি আৰু চাহ মৰ্চাৰ উদ্যোগত জিলা বিজেপিৰ সভাপতি জগদীশ ৰাজকোঁৱৰৰ পৌৰহিত্যত অনুষ্ঠিত নাগৰিক সভাত চৰকাৰৰ উন্নয়নমূলক খতিয়ান দাঙি ধৰিলে মন্ত্ৰী ডাঃ পেগুৱে। সাধাৰণ শ্ৰেণীৰ লোকসকলক বৃহৎ উন্নয়নে স্পৰ্শ নকৰে বুলি উল্লেখ কৰি বৰঞ্চ ক্ষুদ্ৰ ক্ষুদ্ৰ উন্নয়নমূলক কাম-কাজে প্ৰভাৱাম্বিত কৰে বুলি মন্তব্য কৰে। সভাৰ পিছতে সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত মন্ত্ৰী ডাঃ পেগুৱে ৰাজ্যৰ ছয়টা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনত আটাইতকেইটা সমষ্টিতে বিজেপিয়ে দখল কৰিব বুলি দাবী কৰে। এই অনুষ্ঠানত বিধায়ক প্ৰশান্ত ফুকন, চক্ৰধৰ গগৈ, সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দ্বীপুৰঞ্জন মাক্ৰাৰী, বিজেপিৰ উপ-সভাপতি প্ৰশান্ত গগৈ, জিলা বিজেপিৰ এছ টি মৰ্চাৰ সভাপতি নবীন মিলি, চাহ মৰ্চাৰ সভাপতি প্ৰণৱ তাতি, ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, বিদ্যালয়সমূহৰ পৰিদৰ্শিকা দীপিকা চৌধুৰী আদিকে ধৰি ভালেকেইগৰাকী বিষয়ববীয়াৰ উপস্থিত থাকে ।