গোলাঘাটত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ গণ বিক্ষোভ

193

গোলাঘাটত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ গণ বিক্ষোভ

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ২৯ চেপ্তেম্বৰঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে , ৰাজ্যত তৎকালীন ভাৱে নাৰী সুৰক্ষা আইন বলবৎ আৰু গোসুৰক্ষা আইন বাতিলৰ দাবীত আজি গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ সমীপত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত তথা জিলা সমিতিৰ উদ্যোগত গোলাঘাট সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ নামৰ ছাত্ৰ সংগঠনটোৱে গণ বিক্ষোভ কাৰ্যসূচী ৰুপায়ন কৰে৷লগতে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীপৰিষদে এজন অকৰ্মণ্য মন্ত্ৰীক যোগান বিভাগৰ দায়ীত্ব অৰ্পণ কৰা বুলিও অভিযোগ উত্থাপন কৰিছে ৷ তেওঁলোকৰ মতে , ৰঞ্জীত দাসে যোগান বিভাগক নাকি লগাট নোৱাৰাত ৰাজ্যত এখন ক’লা বজাৰৰ সৃষ্টি হৈছে আৰু এই ক’লা বেপাৰী সকলে মন গ’লেই মূল্য বৃদ্ধি কৰে ৷ ফলস্বৰুপে ৰাইজ ব্যতিব্যস্ত হোৱা বুলি জানিব পৰা গৈছে ।