কঠোৰ কভিড নীতিঃ পূজাস্থলিত থাকিব লাগিব আহল বহল ঠাই , লব লাগিব প্ৰশাসনৰ অনুমতি , দুৰ্গা পূজা উদযাপনৰ সন্দৰ্ভত হোজাই জিলা প্ৰশাসনৰ সভা

225

কঠোৰ কভিড নীতিঃ পূজাস্থলিত থাকিব লাগিব আহল বহল ঠাই , লব লাগিব প্ৰশাসনৰ অনুমতি , দুৰ্গা পূজা উদযাপনৰ সন্দৰ্ভত হোজাই জিলা প্ৰশাসনৰ সভা

দুৰ্নীতিৰ দৰ্পণ সেৱা,জমিৰউদ্দিন তালুকদাৰ , ডবকা , ২৯ ছেপ্টেম্বৰঃ হোজাই জিলাত আগন্তুক শাৰদীয় দুৰ্গা পূজা উদযাপন শান্তিপূৰ্ণ আৰু সম্পূৰ্ণ ক’ভিড নীতি-নিৰ্দেশনা অনুসৰণ কৰি অনুষ্ঠিত কৰাৰ উদ্দেশ্যে আজি উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰীৰ অধ্যক্ষতাত হোজাই জিলাৰ বিভিন্ন পূজা কমিটিৰ বিষয়ববীয়া সকলৰ লগত এখন গুৰুত্বপূৰ্ণ আলোচনা সভা অনুষ্ঠিত হৈ যায় ৷ সভাত উপায়ুক্ত গৰাকীয়ে হোজাই জিলাত সাম্প্ৰতিক ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পূজা কমিটি সমূহে কঠোৰভাবে মানিবলগীয়া নীতি-নিৰ্দেশনা সমূহ অৱগত কৰে আৰু এই অনুসৰি পূজা আয়োজক সকলে প্ৰতিগৰাকী বিষয়ববীয়া,স্বেচ্ছাসেৱক,পূজাৰীৰ লগতে ভক্ত-দৰ্শনাৰ্থীসকলে কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱাটো সুনিশ্চিত কৰিব লাগিব ৷ এপালিও প্ৰতিষেধক নোলোৱা কোনো লোক,বিষয়ববীয়া, স্বেচ্ছাসেৱক,পূজাৰী বা দৰ্শনাৰ্থী হিচাপে জড়িত হ’ব নোৱাৰিব ৷ তাৰোপৰি পূজা অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনৰ পৰা আগতীয়াকৈ অনুমতি লোৱাটো বাধ্যতামূলক বুলি উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে ৷ ক’ভিড বিধি অনুসৰণ কৰিব পৰাকৈ প্ৰতিখন পূজা মণ্ডপত যথেষ্ট ঠাই থাকিব লাগিব ৷ পূজা মণ্ডপলৈ প্ৰৱেশ আৰু প্ৰস্থানৰ সুকীয়া ব্যৱস্থা থাকিব লাগিব ৷ পূজা মণ্ডপ সমূহত মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব বজায় ৰখাটো বাধ্যতামূলক ৷ তাৰোপৰি পৰ্যাপ্ত পৰিমাণৰ চেনিটাইজাৰ আৰু মাস্ক মজুত ৰাখিব লাগিব ৷ পূজা মণ্ডপৰ প্ৰতিগৰাকী আয়োজক,স্বেচ্ছাসেৱক আৰু পূজাৰীৰ ক্ষেত্ৰত পূজা আৰম্ভণিৰ পূৰ্বে পঞ্চমীৰ দিনা ক’ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক ৷ প্ৰতিমা বিসৰ্জনৰ পাছতো তেওঁলোক প্ৰত্যেকেই পুনৰ ক’ভিড পৰীক্ষা কৰাব লাগিব ৷ উপায়ুক্ত গৰাকীয়ে দুৰ্গা প্ৰতিমাৰ আকাৰ সৰু কৰাৰ বাবে আয়োজক সকলক আহ্বান জনায় ৷ সভাত আৰক্ষী অধীক্ষ বৰুণ পুৰকায়স্থই পূজা মণ্ডপ সমূহত পৰ্যাপ্ত পোহৰ,বাহনৰ পাৰ্কিং আৰু অগ্নি নিৰ্বাপনৰ সুব্যৱস্থা কৰিবলৈ আয়োজক সকলক নিৰ্দেশ দিয়ে ৷ সভাত উপায়ুক্ত গৰাকীয়ে অহা ২ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া বৃহৎ ক’ভিড টীকাকৰণ অভিযান সন্দৰ্ভত পূজা কমিটিৰ বিষয়ববীয়া সকলক নিজৰ নিজৰ এলেকাৰ ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰি ওচৰৰ টীকাকৰণ কেন্দ্ৰত গৈ টীকা গ্ৰহণৰ প্ৰতি উৎসাহিত কৰিবলৈ আহ্বান জনায় ৷ আজিৰ এই সভাত অতিৰিক্ত উপায়ুক্ত সকল,মহকুমাধিপতি সদৰ,চক্ৰ বিষয়া সকল, প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড,জনস্বাস্থ্য কাৰিকৰী বিভাগ , বিদ্যুৎ বিভাগ , স্বাস্থ্য বিভাগৰ মুৰব্বী বিষয়া সকল , হোজাই জিলা পৰিষদৰ অধ্যক্ষ ৰমা বালা দেৱী প্ৰমুখ্যে সংশ্লিষ্ট বিভাগ সমূহৰ বিষয়া , কর্মচাৰী উপস্থিত থাকে ৷