নগৰবেৰাৰ বদলাত পৰ্যাপ্ত সাৰ যোগানৰ দাবীত কৃষকৰ প্ৰতিবাদ
দুৰ্নীতিৰ দৰ্পণ সেৱা, নগৰবেৰা,২৯ ছেপ্তেম্বৰঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বদলা-ৰাঙাপানী অঞ্চলত পথাৰত প্ৰয়োজনীয় সাৰ ছটিয়াব নোৱাৰি বিমোৰত পৰিছে শ-শ দুখীয়া জলকীয়া খেতিয়ক।খেতি কৰিব গৈ সাৰৰ অভাৱত শ’লঠেকত পৰিছে অঞ্চলটোৰ দুখীয়া কৃষক সকল,কৃষি বিভাগে যোগান ধৰা সাৰ পৰ্যাপ্ত নোহোৱাত চিন্তিত হৈ পৰিছে প্ৰতিজন কৃষক । আনহাতে , একাংশ ক’লা ব্যৱসায়ীয়ে সুবিধা বুজি নিৰ্ধাৰিত দামতকৈ প্ৰতি বস্তা সাৰত দ্বিগুণ বা তাতোধিক দাম আদায় লোৱাত অন্য এক বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে কৃষক সকল । স্মৰ্তৱ্য যে , প্ৰতি বছৰে বদলা , ৰঙাপানী , টুপামাৰী ,ৰংগেশ্বৰীপাম আদি অঞ্চলৰ কৃষকে শ-শ বিঘা মাটিত জলকীয়াকে আদি কৰি বাৰ মাহত তেৰটা খেতি কৰি ৰাজ্যৰ কৃষি অৰ্থনীতি টনকিয়াল কৰাত যঠেষ্ট অৰিহণা যোগাই আহিছে যদিও শেহতীয়াকৈ পৰ্যাপ্ত সাৰৰ অভাৱত বিমোৰত পৰিছে সংশ্লিষ্ট জলকীয়া খেতিয়ক সকল । উপায়বিহীন হৈ কৃষক সকল ৰাজপথলৈ ওলাই সাৰৰ মূল্য ৰাজহুৱা কৰা,পৰ্যাপ্ত পৰিমানৰ সাৰ যোগান ধৰা আদি বিভিন্ন শ্ল’গান দি আজি উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে । প্ৰতিবাদৰ যোগেদি বদলা-ৰঙাপানী অঞ্চলৰ কৃষক সকলে শীঘ্ৰে চৰকাৰৰ কৃষি বিভাগক সুলভ মূল্যৰ জৰিয়তে পৰ্যাপ্ত পৰিমানৰ সাৰৰ যোগান ধৰিবলৈ দাবী জনাইছে।